জাতিৰ উত্তৰণৰ হকে কাম কৰা নাৰী গৰাকী

জাতিৰ উত্তৰণৰ হকে কাম কৰা নাৰী গৰাকী

আমাৰ মাজত আজিও এনে কিছুমান মানুহ আছে, যিয়ে সমাজৰ, জাতিৰ, উত্তৰণৰ হকে নিৰৱে কাম কৰি আছে। নিজৰ ঘৰৰ পৰা এখন দেশক, এটা জাতিক জীয়াই ৰখাৰ শৃংখল তৈয়াৰ কৰিছে। তেনে এগৰাকী ব্যক্তিৰ অন্যতম বোকাখাত কাজিৰঙাৰ ৰূপজ্যোতি শইকীয়া গগৈ।

IMG-20170103-WA0019

কাজিৰঙা বচাগাঁৱৰ ৰূপজ্যোতি শইকীয়া গগৈয়ে জাতি-জনজাতিৰ পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত একপক্ষীয় ভাবে যুঁজত অৱতীৰ্ণ হৈছে বুলি ক’লেও খুব বেছি কোৱা নহ’ব। উল্লেখযোগ্য যে ৰূপজ্যোতি শইকীয়া গগৈয়ে কাজিৰঙা হাট নামৰ বুটিক আৰু ৰূপ কিটচেন নামৰ ৰেষ্টুৰেন্টৰ জৰিয়তে বিভিন্ন দেশী- বিদেশী পৰ্যটকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে আজি NE FOCUS ৰ যোগেদি ৰূপজ্যোতি শইকীয়া গগৈৰ আদৰ্শ তথা কৰ্মৰাজি আপোনাৰ আগত আগবঢ়াব বিচাৰিছো। আহকচোন তেখেত নো কোন জানি লও।

Weaving rice straws (2)

ৰূপজ্যোতি শইকীয়া গগৈ, তেখেত এগৰাকী সামাজিক উদ্যমী। তেখেতক সামাজিক উদ্যমী বুলি এই কাৰণতে কোৱা হৈছে তেখেতে সমাজৰ বাবে, জাতিৰ বাবে ভাল কাম কৰি আছে। সমীপৱৰ্ত্তী গাওঁ সমূহত বোঁৱা কটাৰ লগত জড়িত সকলক প্ৰশিক্ষণ দিছে। প্ৰায় ১০০০ গৰাকী মহিলাক স্বাৱলম্বীতাৰ বাট দেখুৱাইছে। তেখেতে কি ধৰণে এনেধৰণৰ পেছাৰ লগত জড়িত হৈ পৰিল জানিব বিচৰাত আমাক এনে ধৰণে কয়-  বিয়াৰ পিছত কিছু বছৰ বেচৰকাৰী স্কুলত শিক্ষকতা কৰিছিলো। নিজাকে সমাজৰ বাবে কিবা এটা কৰাৰ দুৰ্বাহ হেপাঁহ আছিল, তাৰেই ফলশ্ৰুতিত ওচৰৰ গাৱৰ মহিলা খিনিক লৈ হস্ততাঁত বস্ত্ৰশিল্প লগত জড়িত হৈ পৰো। এইখিনিতে উল্লেখযোগ্য যে মোৰ মায়ে বস্ত্ৰতাঁত শিল্প বিভাগত প্ৰশিক্ষিকা আছিল। সেইসুত্ৰে মাৰ পৰাও অলপ ধাৰণা লৈ ডিজাইনিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰো আৰু পৰৰ্ৱত্তী সময়ত জড়িত হৈ পৰো।

In Rup's Kitchen

উল্লেখযোগ্য যে ৰূপজ্যোতি শইকীয়া গগৈয়ে বৰ্ত্তমানে পেলনীয়া সামগ্ৰীৰ যেনে পলিথিন, চিপচৰ পেকেট আদিৰ পৰা বিভিন্ন সুন্দৰ সামগ্ৰী তৈয়াৰ কৰা কামত নিয়োজিত হৈ আছে। এইবোৰৰ প্ৰশিক্ষণৰ বাবে অৰুণাচল প্ৰদেশলৈ ও ইতিমধ্যে গৈছে।

Tourist visiting handloom unit

আমাৰ চৰকাৰী আঁচনি সমূহে বহু সময়ত যোগ্য জনক সামৰি লোৱাত ব্যৰ্থ হয়। কিন্তু আমাৰ মহিলা খিনিৰ মাজত দক্ষতা আছে। সেয়েহে এনেবোৰ কাম প্ৰতি অগ্ৰসৰ হ’বলৈ আহ্বান জনাও । এই মন্তব্য ৰূপজ্যোতি শইকীয়া গগৈৰ।

স্মতৰ্ব্য যে ৰূপজ্যোতি শইকীয়া গগৈৰ বুটিক (Kaziranga Haat)ত বিভিন্ন জাতি জনজাতীয় কাপোৰ উপলব্ধ হোৱাৰ বিপৰীতে তেখেতৰ Rup Kitchen নামৰ ৰেষ্টুৰেন্টৰ জৰিয়তে দেশী- বিদেশী পৰ্যটক অসমীয়া থলুৱা আহাৰে আপ্যায়ন কৰে।

উল্লেখযোগ্য যে তেখেতৰ উদ্যোগত পৰিচালিত ১২ টা আত্মসহায়কগোটে আৰ্থিক ভাবে স্বাৱলম্বীতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। তেখেতৰ মতে ঘৰৰ পৰাই এখন দেশক প্ৰতিনিধিত্ব কৰি আছো। স্মতৰ্ব্য যে ইতিমধ্যে কানাডা, জাৰ্মানী, লণ্ডন আদিত ৰূপজ্যোতিৰ বস্ত্ৰশিল্পই বেচ সমাদৰ লাভ কৰিছে।

ৰূপজ্যোতি শইকীয়া গগৈৰ এনে আৰ্দশ আৰু কৰ্মৰ বাবে আমি জনাইছো বহু শুভকামনা।

Comments (0)
Add Comment