ন উদ্ভাৱনৰ দ্বাৰা চৰ্চা লাভ কৰিছে দীপজ্যোতিয়ে

ন উদ্ভাৱনৰ দ্বাৰা চৰ্চা লাভ কৰিছে দীপজ্যোতিয়ে

WhatsApp Image 2018-02-15 at 4.56.43 PMবুদ্ধিৰ বলত যিকোনো কাম অনায়াসে কৰিব পাৰি৷ আজিৰ সময়ৰ লগত যদি ফেৰ মাৰিব খোজে,বলতকৈ অধিক বুদ্ধিৰ প্ৰয়োজন হ’ব। কথাষাৰ সত্যতা প্ৰমাণ কৰি দেখুৱালে ধেমাজি এৰাঢ়লৰ এজন যুৱকে। শিক্ষা দিক্ষাৰে বিশেষ শিক্ষিত নহ’লেও ধেমাজিৰ দিপজ্যোতি তামুলী নামৰ যুৱকজনে উদ্ভাৱন কৰিছে এনক্লেভেটৰ। হাঁহ অথবা কুকুৰা কণী উমনি দি পোৱালী জগাব পৰা যন্ত্ৰটোৰ জৰিয়তে দিপজ্যোতিয়ে ইতিমধ্যে প্ৰায় ৩০০ কণী পোৱালী জগাবলৈ সক্ষম হৈছে।

WhatsApp Image 2018-02-15 at 4.55.46 PM

এই সম্পৰ্কে দিপজ্যোতিয়ে nefocus.com ৰ আগত এনেদৰে কয়- মই বিশেষকৈ খেতি- বাতি আৰু হাঁহ কুকুৰাৰ পালনৰ লগত জৰিত। মাজতে মোৰ অসুখ হোৱাত কামত মনোনিৱেশ কৰিব পৰা নাছিলো। তেতিয়া এই বিশেষ যন্ত্ৰটোৰ কথা মনলৈ আহে। উল্লেখযোগ্য যে কম্পিউটাৰৰ পেলনীয়া সামগ্ৰী, চেলুনত ব্যৱহাৰ কৰা হিটাৰ, গজাল আৰু বাল্বৰ সামগ্ৰীৰে হাঁহ-কুকুৰাৰ কণী উমনি দিব পৰা যন্ত্ৰটো সাজি উলিয়াইছে।

WhatsApp Image 2018-02-15 at 4.55.05 PM

জানিব পৰা মতে যন্ত্ৰটো প্ৰস্তুত কৰোতে ব্যয় হৈছে ১২,০০০ হাজাৰ টকা। স্মতৰ্ব্য যে এনক্লেভেটৰ জৰিয়তে তেখেতৰ ব্যৱসায়ত যথেষ্ট লাভাম্বিত হৈছে। উদ্ভাৱনী শক্তিৰে জিলিকি উঠা দিপজ্যোতি তামুলীক nefocus.com ৰ ফালৰ পৰা বহু শুভকামনা জনাইছো।

Comments (0)
Add Comment