ন প্ৰচেষ্টাৰে আগবঢ়া যুৱ উদ্যমী

ন প্ৰচেষ্টাৰে আগবঢ়া যুৱ উদ্যমী

IMG-20170619-WA0021

মনত যেতিয়া উদ্যম থাকে, যিকোনো পৰিস্থিতি অথবা সময়ত যিকোনো কাম সম্ভৱপৰ হৈ উঠে। এই কথাষাৰ ১০০% সঠিক বুলি প্ৰমাণ কৰি দেখুৱালে বঙাইগাওৰ অংকিত মণ্ডলে। উল্লেখযোগ্য যে কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ অংকিতে বিশেষভাবে সক্ষম লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে চাৰিচকীয়া এখন গাড়ী।

IMG-20170619-WA0022

এই গাড়ী খনৰ বিশেষত্ব হ’ল এই যে আন চাৰিচকীয়া গাড়ীত উপলব্ধ থকা সকলো ধৰণৰ সুবিধা আছে। আচলতে অংকিতৰ এই যাত্ৰা আজিৰ নহয়। তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰাই বেটাৰী চালিত ফেন, বিঞ্জানৰ বিভিন্ন ধৰণৰ মডেল তৈয়াৰ কৰি উলিয়াইছিল। এই সম্পৰ্কে অংকিতে আমাক এনেদৰে জনায়- মই সৰুৰে পৰা বিভিন্ন সামগ্ৰী বনাই আহিছো। এই ক্ষেত্ৰত মোৰ ঘৰৰ ওচৰৰ অৰ্জুন মহন্ত নামৰ পলিটেকনিকত অধ্যায়ন কৰি থকা এজন দাদাই যথেষ্ট সহায় কৰিছিল। দাদা জনৰ পৰা বহু কথা শিকিছিলো যিয়েই পৰৰ্ৱত্তী সময়ত আগবাঢ়ি যোৱাত সহায় কৰিছিল। মনকৰিবলগীয়া যে অংকিতে ইয়াৰ পূৰ্বে জেনেৰেটৰ, চোৰ ধৰিব পৰা এলাৰ্ম বাজি উঠা Security ৰ System বনাইছিল। জানিব পৰা মতে অংকিতে তৈয়াৰ কৰা বিভিন্ন বিজ্ঞানৰ মডেল বিভিন্ন স্কুলত সংৰক্ষণ হৈ আছে।

IMG-20170619-WA0023

আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এয়ে যে অংকিত বনোৱা গাড়ীখন বিভিন্ন ক্ৰেতা গ্ৰাহকে ইতিমধ্যে অৰ্ডাৰ দিছে। এনে সময়ত অংকিতে মনৰ অনুভৱ ব্যক্ত কৰি nefocus.com ৰ আগত এনেদৰে প্ৰকাশ কৰে… মই খুবেই সুখী। মোৰ এনে অনুভৱ হৈছে মই যেন সফলতাৰ জখলাত আৰোহন কৰিবলৈ সক্ষম হৈছো। অনাগত দিনটোও মানুহৰ সহায়ক হোৱা যিকোনো বস্তু তথা সামগ্ৰী বনাই যাম।

অংকিতৰ এই জয়যাত্ৰা অব্যাহত থাকক nefocus.com ৰ ফালৰ পৰা জনালো বহু শুভকামনা।

কৃতজ্ঞতা- উত্তম কুমাৰ বৰ্মন

Comments (2)
Add Comment
  • sonjit borgohain

    সুন্দৰ উজ্জল ভবিষ্যতৰ কামনা কিৰিলো ।