পবিত্ৰ ঈদৰ খবৰে..

আজি পবিত্ৰ ঈদ। ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে নামাজ পঢ়াৰ লগতে ইজনে সিজনৰ ঘৰলৈ গৈ শুভেচ্ছা জ্ঞাপন কৰিছে।পূৰ্বৰ দৰে ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশগ্ৰহণ কৰিবলৈ নোৱাৰিলেও অনুষ্ঠুপীয়াকৈ ঈদ নামাজ পৰ্ব চলাই গৈছে।
 
 
 
 
উল্লেখযোগ্য যে এই পৱিত্ৰ ঈদৰ উপলক্ষে প্ৰতিবছৰে মছজিদ আৰু ঈদগাহ সমূহ সজাই পৰাই তোলা লগতে ন সাজ কিনিবলৈ বজাৰত ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয় । কিন্তু এইবাৰ দেশৰ পৰিস্থিতি লক্ষ্য ৰাখি কেৱল অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবেহে বজাৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে।
 
 
 
 
ইয়াৰ মাজতে পৱিত্ৰ ঈদ উপলক্ষে সাংসদ ভুৱনেশ্বৰ কলিতাই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই অনা পবিত্ৰ ঈদে সকলো ধৰ্ম আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা সাতামপুৰুষীয়া একতা আৰু ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী কৰি তোলক তাকে কামনা কৰিলো।

Comments (0)
Add Comment