প্লাষ্টিকক প্ৰত্যাহ্বান জনাব দুই উদ্যমীয়ে

সভ্যতাৰ পোহৰ আৰু প্ৰতিযোগিতাৰ ধামখুমীয়াত আমি যান্ত্ৰিক হৈ পৰিছো। আমি ইমানেই যান্ত্ৰিক হৈ পৰিছো যে নিজৰ খোৱা পাত্ৰতো বা থাল খন ধুবলৈও আমাৰ হাতত সময়ৰ অভাৱ। তাৰ অচিলা লৈয়ে বৃদ্ধি পাইছে প্লাষ্টিকজাত সামগ্ৰীৰ যোগান। দিনক দিনে বৃদ্ধি পাইছে থাৰ্মকল আৰু প্লাষ্টিকজাত সামগ্ৰীৰ উদ্যোগ। কিন্তু আমি ব্যৱহাৰ কৰা প্লাষ্টিকজাত সামগ্ৰী সমূহ আমাৰ বাবে কিমান উপযোগী! এই কথা হয়তো সকলোৱে স্বীকাৰ কৰিব যে এই সামগ্ৰী সমূহত খাদ্য খোৱাৰ বাবে দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ। তেনে সময়তে এক আশাৰ বতৰা কঢ়িয়াই আনিছে দুজন উদ্যমীয়ে । উল্লেখযোগ্য যে ৰাজ আগৰৱালা আৰু সৌৰভ পাচিৱাল নামৰ দুজন সমাজ সচেতন উদ্যমীয়ে আৰম্ভ কৰিছে তামোলৰ ঢকুৱাৰ থাল, প্লেট, বাতি আদি নিৰ্মাণৰ এক উদ্যোগ। য’ত বৰ্তমান স্থানীয় ২০ জন নিবনুৱাই দৈনিক ৯ হাজাৰ কৈ প্লেট,বাতি, থাল নিৰ্মাণ কৰি এক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। আমাৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ আগৰৱালে কয় যে প্লাষ্টিকৰ ভয়াবহতা দূৰ কৰাৰ উদ্দেশ্য ছয়গাঁৱৰ কুলচীত তেওঁ লোকে এবছৰ আগতে উদ্যোগৰ কাম আৰম্ভ কৰে যদিও বিগত এমাহ ধৰি উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰি আহিছে। লগতে তেওঁ জানিবলৈ দিয়ে যে এবাৰ তেওঁ দক্ষিণ ভাৰতত ভ্ৰমণ কৰিবলৈ গৈ তামোলৰ ঢকুৱাৰ প্লেট দেখি আপ্লুত হৈ পৰিছিল।

যাৰ ফলস্বৰূপে অসমলৈ আহি খাটু ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট শীৰ্ষক এক উদ্যোগ স্থাপন কৰে। আমাৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে খাটু উদ্যোগৰ দ্বাৰা উৎপাদিত সামগ্ৰী সমূহ ভাৰতৰ বিভিন্ন ঠাইলৈ ৰপ্তানি হয়। লগতে বিদেশৰ বিভিন্ন ঠাইৰ পৰাও অৰ্ডাৰ অহাৰ কথা জানিবলৈ দিয়ে। জানিব পৰা মতে খাটু উদ্যোগত উৎপাদিত সামগ্ৰী সমূহৰ বজাৰ মূল্য নুন্যতম এটকাৰ পৰা ১৫ টকা পৰ্য্যন্ত নিদ্ধাৰণ কৰা বুলি জানিবলৈ দিয়ে। ভয়াৱহ প্লাষ্টিক প্লেট প্ৰতিহত কৰাৰ বাবে হ’ব এয়া এক নতুন বিপ্লৱ। য’ত সকলো সচেতন ব্যক্তি আগবাঢ়ি অহাৰ সময় সমাগত।

খবৰ যুগুতালে হিৰকজ্যোতি মেধিয়ে

Comments (0)
Add Comment