পৰিস্মৃতা হাজাৰজনৰ আদৰ্শ হৈছে

স্বাধীন ভাৱে কাম কৰিবলৈ, স্বাধীন ভাৱে থাকিবলৈ কোনে নো নিবিচাৰে! বিশেষকৈ আজি দিনৰ নৱপ্ৰজন্মই স্বাধীন ভাৱে থাকি ভাল পায়। স্বাধীন ভাৱে কাম কৰি ভাল পায়। এনে এগৰাকী স্বাধীন মনৰ উদ্যমীৰ জীৱন যাত্ৰা এই লেখাটোত আগবঢ়ালো। 
সৰুৰে পৰা স্বাৱলম্বী হ’ব বিচৰা এজনী ছোৱালী। কেতিয়াবা কোনো ব্যৱসায়ৰ লগত জড়িত হ’বলৈ হ’লে বহু পঢ়া শুনাৰ প্ৰয়োজন হয়। প্ৰয়োজন হয় অঁযুত সাহসৰ।
দুলিয়াজানৰ কুমুদ নগৰৰ পৰিস্মৃতা বৰা এনে এগৰাকী যুৱতী, যি গৰাকী যুৱতীয়ে নিজৰ সপোনক পূৰণ কৰিবলৈ দেশে বিদেশে ভ্ৰমিছিল। লৈছিল বহু জনৰ পৰা পৰামৰ্শ।
ইণ্টাৰনেটৰ  YouTube  ৰ পৰা পোৱা শিক্ষাই  Pari Industry গঠন কৰাত সহায় কৰিছিল। উল্লেখযোগ্য  যে পৰিস্মৃতা বৰাৰ Pari Industry  হ’ল ধূপৰ এক উদ্যোগ। যি উদ্যোগৰ দ্বাৰাই পৰিস্মৃতাই ২১ টা পৰিয়ালক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে।
পৰিস্মৃতা কয় যে, এই উদ্যোগটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত দাদা এজনে সহায় কৰিছিল। ব্যৱসায়টো সম্প্ৰসাৰণৰ বাবে মই নিজেই ফিল্ডত গৈ মাৰ্কেটিং কৰিছো। চলিত বৰ্ষৰ ২৮ এপ্ৰিলৰ পৰা আৰম্ভ কৰা ব্যৱসায়টো খুব ভালদৰে চলিছে। মোৰ আশা, অনাগত দিনত সমগ্ৰ উত্তৰ পূবত ব্যৱসায়টো সম্প্ৰসাৰণ যাতে ঘটাব পাৰো।
যি সময়ত চাকৰিৰ পিছত দৌৰি একাংশ নিৱনুৱাই হাবাথুৰি খাই হতাশাত ভূগিছে, সেই সময়ত পৰিস্মৃতাৰ এনে কৰ্মই সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে।
Comments (0)
Add Comment