বিধায়ক পুঁজিৰ ধনেৰে এখন এম্বুলেঞ্চ প্ৰদান কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই

ৰঙিয়াত বিধায়কৰ পুঁজিৰে ধনেৰে এখন এম্বুলেঞ্চ প্ৰদান কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই।এম্বুলেঞ্চ খন মুকলি কৰি বিধায়কগৰাকীয়ে কয় “ক’ভিডৰ পৰিৱেশত বৰ্তমান ৰাইজক এখন এম্বুলেঞ্চৰ অতিকৈ প্ৰয়োজন । মন্দিৰ মছজিদৰ নিৰ্মাণ পিছে পৰেও হ’ব পাৰিব ক’ভিডৰ আতংক আতৰাৰ পিছত।এতিয়া এম্বুলেঞ্চৰ প্ৰয়োজন। “ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ চৌহদত আয়োজন এক অনুস্থানত বিধায়ক গৰাকীয়ে এম্বুলেঞ্চখন ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক নবনীতা বৰাৰ হাতত অৰ্পণ কৰে । লগতে এম্বুলেঞ্চখনৰ যত্ন লৈ ভালদৰে ৰাখিলে অদূৰ ভৱিষ্যতে ৰাইজে স্বাস্থ্য খণ্ডত যথেষ্ট সকাহ লাভ কৰিব বুলি তেখেতে জনায়।

Comments (0)
Add Comment