বিশ্ব চাইকেল দিৱস বিশেষ

আজি বিশ্ব চাইকেল দিৱস। এই উপলক্ষে মিডিয়া পাৰ্চনচ চাইক্লিং ক্লাৱৰ উদ্যোগত গুৱাহাটী মহানগৰীত সজাগতা মূলক ৰেলী অনুষ্ঠিত হয়। পুৱাভাগত গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা আৰম্ভ হোৱা ৰেলীত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, মিষ্টাৰ ইনিভাৰ্চ মহাদেৱ ডেকা, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই ৰেলীত বহুকেইগৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে।

প্ৰদুষণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ ৰাষ্ট্ৰ সংঘই ৩ জুনৰ দিনটো বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছে। সেয়ে আমি কথা পাতিছিলো এগৰাকী চিকিৎসা বিশেষজ্ঞাৰ সৈতে। কৃষ্ঞা গগৈ নামৰ বিশেষজ্ঞা গৰাকীয়ে চাইকেল চলোৱাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে এনে দৰে কয়- চাইকেল চলোৱাটো এক প্ৰকাৰৰ ব্যায়াম। চাইকেল চলালে কেৱল শৰীৰৰ ফিটনেছেই বৰ্তী নাথাকে।

ইয়াৰ সমান্তৰাল ভাৱে ওজন কমে, টোপনি ভাল হয়, একাগ্ৰতা বাঢ়ে, পেশী গঠন হয়। ইয়াৰ উপৰিও হৃদৰোগ প্ৰতিহত কৰাত ই সহায়ক হয়। এজন ব্যক্তিয়ে দৈনিক ২.৪৫ মিনিট সময় চাইকেল চলোৱা অভ্যাস কৰা উচিত। এই মন্তব্য কৃষ্ঞা গগৈৰ। দিনে দিনে বৃদ্ধি পোৱা ইন্ধনৰ মূল্য আৰু প্ৰদুষনে চাইকেল চলোৱাক জনপ্ৰিয় কৰিব বুলি আশা কৰিব পাৰি।

Comments (0)
Add Comment