মহানগৰীত তাঁতৰ শব্দ.. কিন্তু ক’ত

কংক্রিটৰ মহানগৰীত তাঁতৰ খিটখিটনী শুনিয়ে অনুভৱ হয় গাঁও গাঁও লগা এটা পৰিবেশৰ।ইয়াৰ উমানত আমি সন্ধান পাইছিলো চিল্ক পইণ্টৰ।আহকচোন জানো এই চিল্ক পইণ্টনো কি?চিল্ক পইণ্ট হ’ল অসমৰ বিভিন্ন শিল্প কৰ্মৰ লগত জড়িত উদ্যমী সকলক সকাহ যোগোৱা এটা প্ৰতিষ্ঠান।২০১১ চনত গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰী বিনোদ কলিতাৰ উদ্যোগত এই প্ৰতিষ্ঠানটোৱে প্ৰতিষ্ঠা  লাভ কৰিছে । জানিব পৰা মতে সম্প্ৰতি পাঁচটা পৰিয়াল ইয়াৰ দ্বাৰা জীৱিকা অৰ্জনৰ পথ বিচাৰি পাইছে  ।উল্লেখযোগ্য যে চিল্ক পইণ্টৰ পৰা  হাতে বোৱা কাপোৰ অসমৰ বিভিন্ন বুটিকলৈ যায়।বিশেষকৈ পাট,মুগা,নুনী আৰু কপাহী চাদৰ মেখেলাক প্ৰাধান্য দিয়া বুটিকখনে জন মানসত বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে।

Comments (0)
Add Comment