নলবাৰী জিলাৰ মুকালমুৱা থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ জীয়াৰী কন্যা কাশ্যপে শিশুৰ সৌন্দর্য প্রতিযোগিতাত বিজয়ৰ মুকুট অর্জন কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটীৰ আই টি এ মাছখোৱাত যোৱা শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা শিশুৰ সৌন্দর্য প্রতিযোগিতাত মিছ আছামৰ মুকুট শিৰত ল’বলৈ সক্ষম হৈছে৷
কন্যা কাশ্যপৰ এনে সাফল্যৰ খবৰে স্বাভাৱিকতে বিশেষ চর্চা লাভ কৰিছে বৰক্ষেত্রীত৷ উল্লেখ্য যে Spark the Ultimate Fire এ গুৱাহাটীৰ ITA মাছখোৱাত অনুষ্ঠিত কৰা ষষ্ঠ সংস্কৰণৰ শিশুৰ সৌন্দর্য প্রতিযোগিতাত গুৱাহাটী, শিলচৰ, কৰিমগঞ্জকে ধৰি বিভিন্ন প্রান্তৰ চল্লিছগৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰিছিল৷ মন কৰিবলগীয়া যে নাৰীশক্তি অসমৰ আন্তঃৰাষ্ট্রীয় ‘গ্লোবেল ষ্টাৰ আইকন’ সৌন্দর্য প্রতিযোগিতাৰ মহিলাৰ খিতাপ দখলকাৰী পল্লৱী কলিতা আৰু সুদক্ষ আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ জীয়াৰী কন্যা কাশ্যপে ইতিমধ্যে সৌন্দর্য প্রতিযোগিতাৰ শিশু শাখাত ব্রেণ্ড এম্বেছাডৰ হিচাপে নির্বাচিত হ’বলৈও সক্ষম হৈছে৷
মুকালমুৱাৰ জীয়ৰী কন্যা কাশ্যপৰ শিৰত মিছ আছামৰ মুকুট
