মৃণাল মনৰ জয়যাত্ৰা

মৃণাল মনৰ জয়যাত্ৰা

IMG-20161023-WA0009

সৰুৰে পৰাই ল’ৰা জনৰ গানৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ। ক’ৰবাত গানৰ “শ্ব” বা অনুষ্ঠান থাকিলে অথবা ক’ৰবাত নতুন গান শুনিলে উৰহী গছৰ ওৰ নোপোৱালৈকে সুধি পুচি কেছেট বিচাৰি আনি গানৰ সুৰৰ মদিৰা প্ৰাণ কৰে। এই যে গান শুনাৰ বাবে ইমান উদবাউল হৈ থকা ল’ৰাজনৰ কথা শুনিলে তেওঁ কোন জানেনে? তেওঁ মৃণাল মন বৰুৱা । এজন গায়ক।  গান শুনি, গান শুনি এদিন তেওঁ গীত নামৰ এটা আধুনিক গীতৰ এলবামেৰে সংগীতৰ জগতত খোজ দিয়ে। “গীত” ৰ গানবোৰে জন প্ৰিয়তা লাভ কৰাৰ বাবে নকৈ পিৰীতি এনাজৰী, পাহী, কহুৱা আৰু বহু কেইখন  এলবামত কণ্ঠদান কৰিবলৈ সক্ষম হয়। বৰ্ত্তমানে মৃণাল মনে মৰুভূমি আৰু প্ৰহেলিকা নামৰ গানৰ অ’ডিঅ আৰু ভিডিঅ’ কামৰ শেষ পৰ্য্যায়ত উপনীত হৈছে আৰু অতি শীঘ্ৰে সংগীত প্ৰেমীৰ মাজলৈ এই ভি.চি.ড়ি সমূহ আহিব। সংগীতকে জীৱনৰ ব্ৰত হিচাপে লোৱা মৃণাল মন আগুৱাই যাওক আমাৰ বহু শুভকামনা থাকিল।

IMG-20161023-WA0012 

Comments (0)
Add Comment