অসম মন্ত্ৰীসভাই শিক্ষা বিভাগৰ সম্পৰ্কত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই সম্পৰ্কত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে মাদ্ৰাছা সমূহ চেবাৰ অধীনলৈ যাব।আৰু সংস্কৃত টোল সমূহত ভাৰতীয় সভ্যতা আৰু পুৰাতন সংস্কৃতিৰ সম্পৰ্কে শিকোৱা হ’ব ।
উল্লেখ্য সমগ্ৰ দেশৰ ভিতৰতে অসমেই এনে এখন ৰাজ্য, য’ত ভাৰতৰ সংস্কৃতিৰ সম্পৰ্কে শিকোৱা হ’ব। এই ব্যৱস্থাৰ দ্বাৰা ১৮৯ খন মদ্ৰাছা চেবাৰ অধীনলৈ যাব।স্মতৰ্ব্য যে ১৯৩৪ চনৰ পৰা অসমত মাদ্ৰাছা সমূহ চলি আছিল। এয়া এক ঐতিহাসিক সিদ্ধান্ত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।লগতে কয় যে অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা বিদ্যালয় সমূহ নিয়মীয়াকৈ খুলিব।আজি সংবাদমেলত শিক্ষাবিভাগৰ বহু কেইজন বিষয় ববীয়া উপস্থিত থাকে।
শিক্ষা বিভাগৰ ঐতিহাসিক পদক্ষেপ-ভাৰতীয় সভ্যতা আৰু পুৰাতন সংস্কৃতিৰ সম্পৰ্কে টোলত শিক্ষা প্ৰদান কৰিব
