হোটেল ব্যৱসায়েৰে স্বাৱলম্বী নাওকাটাৰ এক দম্পতীৰ কথাৰে

হোটেল ব্যৱসায়েৰে স্বাৱলম্বী নাওকাটাৰ এক দম্পতীৰ কথাৰে
IMG-20170823-WA0028
সম্প্ৰতি ভয়াবহ নিবনুৱা সমস্যা আদিকে ধৰি বিভিন্ন সমস্যা দৈনিক হাৰত বৃদ্ধি পাই অহাৰ সময়ত একাংশ যুৱক- যুৱতীয়ে নিজ জন্মদাত্ৰী পিতৃ- মাতৃ, পৰিয়াল তথা আত্মীয়সকলক এৰি ৰাজ্যখনৰ বাহিৰৰ কোম্পানীসমুহত কৰ্মসংস্থাপন বিচাৰি গৈ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ অহাৰ সময়তে বাগছা জিলাৰ এহাল দম্পতীৰ উল্লেখনীয় কৰ্মৰাজিয়ে অঞ্চলটোত প্ৰশংসনীয় হৈ পৰিছে। বিটিএডিৰ বাগছা জিলাৰ উত্তৰ-পূব প্ৰান্তৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাওকাটা চাৰিআলিত দুই শিক্ষিত দম্পতীয়ে চৰকাৰী কৰ্মসংস্থাপনৰ আশা বাদ দি বিগত কেইবা বছৰ ধৰি হোটেল ব্যৱসায়ৰে স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ  যুৱক জন পশ্চিম নাওকাটা গাঁৱৰ মনোৰঞ্জন শৰ্মাৰ পুত্ৰ মিঠুন শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী জোনালী দেৱী। তেওঁলোকৰ পৰা জানিব পৰা মতে তেওঁলোকৰ সীমিত মূলধনেৰে নাওকাটা চাৰিআলিত হোটেলখন খুলি নিজা দক্ষতাৰে আৰ্থিক বুনিয়াদ টনকিয়াল কৰাৰ লগতে সুন্দৰকৈ পৰিয়ালটো চলাই নিয়াত অগ্ৰসৰ হৈছে। কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে ৰাতি পুৱাৰে পৰা সন্ধিয়া সময়লৈ প্ৰতিজন গ্ৰাহকক বিভিন্ন সুৰুচিসম্পন্ন খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰাই তেওঁলোকৰ কৰ্তব্য। হোটেল খনৰ পৰিস্কাৰ পৰিচ্ছন্নতা আৰু দুয়োজনৰে বিনয়ী আচৰণে প্ৰতিজন গ্ৰাহকক আকৰ্ষণ কৰা দেখা যায়। তেওঁলোকে বনোৱা চাহ, মিঠাই, ৰুটি, পৰঠা, পোলাও, ঘুগনী, চাওচাও আদিৰ জুতি লবলৈ বহু গ্ৰাহকে ৰাতিপুৱাৰে পৰা গধুলি সময়লৈ হোটেলখনত ভিৰ কৰাতো দেখা যায়। উল্লেখনীয় কথা যে চাহ বনোৱা,বিভিন্ন খাদ্য সম্ভাৰেৰে গ্ৰাহকক আপ্যায়ন কৰা, বাচন-বৰ্তন চাফ- চিকুন কৰা লগতে মালিকৰ কাম সকলোখনিয়ে দুয়োজনে সমানে কৰে। বিভিন্ন ঘাট- প্ৰতিঘাট কঠোৰ আৰ্থিক জীৱন সংগ্ৰামৰ মাজেৰে আগুৱাই যোৱা এই দুই আদৰ্শ দম্পতীয়ে অনাগত দিন বোৰত হোটেল খনৰ কিছু উন্নয়ন কৰাৰ পৰিকল্পনা মনতে পুঁহি ৰাখিছে বুলি আমাক জানিবলৈ দিয়ে। দুয়োজন কৰ্মশীল দম্পতী তেওঁলোকৰ জীৱন সংগ্ৰাম অধিক গতিশীল হোৱাৰ কামনা কৰিলো ৷
খবৰ যুগুতালে- ৰবীন্দ্ৰ কুমাৰ ডেকা
নাওকাটা, বাগছা
Comments (0)
Add Comment