ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠা এগৰাকী উদ্যমী

জীৱনৰ প্ৰতিটো খোজত, প্ৰতিটো পলতে নিজাকে এটা পৰিচয় পাবলৈ চেষ্টা অব্যাহত ৰাখিছিলো। যাৰ সুবাদতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’লো। এই মন্তব্য উদ্যমী মহিলা ডালিমী চৌধুৰী ডেকাৰ।

আচলতে এগৰাকী সফল উদ্যমী হ’বলৈ হ’লে সময়ৰ লগত সমাজ তথা পৰিস্থিতিৰ লগত যুঁজবাগ কৰিবই লাগিব। অসমীয়াত এষাৰ কথা আছে চাপৰিলেই মেঘ নাতৰে। কথাষাৰৰ তাৎপৰ্য্য এয়ে যে আপোনাৰ সন্মুখত যিমানেই পৰ্বতসম সমস্যা নাহক কিয় আপুনি সমস্যাৰ পৰা পলালে সমস্যাবোৰ শেষ নহয় অথবা দুৰীভূত নহয়। কথাষাৰ ক’ৰবাত নহয় ক’ৰবাত ডালিমী চৌধুৰী ডেকাৰ লগত হোৱা কথোপকথনত অনুভৱ হৈছিল। সেয়েহে আমি বাৰে বাৰে প্ৰশ্ন কৰিছিলো- বাইদেউ, আপোনাৰ কামৰ প্ৰতি ঘৰখনৰ সমৰ্থন কেনে আছিল? উত্তৰত কৈছিল প্ৰথমতে পুৰা সমৰ্থন তেনে নাছিল যদিও বৰ্ত্তমান ঘৰখনৰ পৰা যথেষ্ট সহযোগিতা পাও।

বিশ্বাস কৰিব, তেওঁ এই উদ্যমিয়তা যাত্ৰা আৰম্ভ কৰিছিল জীৱন মাজৰ সময়খিনিৰ পৰা। তেখেতৰ স্বামী গকুল চন্দ্ৰ ডেকা Indian Airforce ত কৰ্মৰত হোৱা হেতুকে ভাৰতৰ বিভিন্ন ৰাজ্যত কটাব লগা হৈছিল। কিন্তু এইবুলিয়ে তেওঁ ঘৰতে এনেয়ে বহি থকা নাছিল। বিভিন্ন সৃষ্টিশীল কাম কাজত নিজকে ব্যস্ত ৰাখিছিল। আজিৰ পৰা কিছু বছৰৰ আগত অসমলৈ আহি তেওঁ আচাৰ, জেলি আদি তৈয়াৰ কৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু আন দহগৰাকী নিবনুৱা মহিলা কৰ্মসংস্থাপন দি ঘৰতে DBD Enterprise নামৰ এক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰে। উল্লেখযোগ্য যে এই উদ্যোগটোৰ জৰিয়তে আচাৰ, জেলী, জুচ, চচ্ আদিবোৰ উৎপাদন কৰা হয়।

নিজৰ দক্ষতাৰ বলতে DBD Enterprise ৰ উৎপাদিত সামগ্ৰী সমূহ ইতিমধ্যে লণ্ডন, অষ্ট্ৰেলিয়া, কানাডা আদিত বেচ জনপ্ৰিয় হৈছে।

স্মতৰ্ব্য যে তেওঁ প্ৰদৰ্শনীৰ বাবে ভাৰতৰ বিভিন্ন ঠাইলৈ গৈছে। এবাৰ নগালেণ্ড অনুষ্ঠিত হোৱা এক প্ৰদৰ্শনীলৈ যাওতে DBD Food Product ৰ সামগ্ৰী পৰিবেশন কৰি ভালপোৱাত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এক বঁটাৰ বাবে নিৰ্বাচিত কৰে। এই মন্তব্য ডালিমী চৌধুৰী ডেকাৰ।

শেহতীয়াকৈ চলিত বৰ্ষৰ গুজৰাটৰ জুনাগাধত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ৩০ মে’ তাৰিখে ASM Udyam Ratna Award বঁটাৰে সন্মানিত হয়। এই বিশেষ বঁটাত আছিল এখন মানপত্ৰ আৰু ফলক।

অনাগত দিনত এই ব্যৱসায়টো সম্প্ৰসাৰণ কৰি বৃহ্ৎ ব্যৱসায় হিচাপে গঢ় দিয়াৰ কথা তেওঁ ব্যক্ত কৰে। এই গৰাকী সফল উদ্যমীৰ কাহিনীৰে আজি লেখাটো প্ৰস্তুত কৰিলো। এনেধৰণৰ লেখাৰ বাবে লগইন কৰিবলৈ নাপাহৰিব www.nefocus.com

Comments (0)
Add Comment