পুৰণা ইঞ্জিনৰে Racing Car নিৰ্মাণ কৰিলে ৰহাৰ জ্যোতি শংকৰ ভৰালী

পৃথিৱীৰ কোনো বস্তুৱেই ইটো সিটোৰ লগত সাদৃশ্য নাই । ঠিক সেইদৰে মানুহ বিশেষে চখৰ সিমানা নাই, পাৰাপাৰ নাই। সেয়েহে অসমীয়াত এষাৰ কথা আছে, ধানটোৰ প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো।

আজি যাৰ বিষয়ে আপোনাক জনাব লৈছো তেওঁৰ চিন্তা ধাৰা কিছু ব্যতিক্ৰম, ব্যতিক্ৰম তেওঁৰ সপোন আশা আৰু চখ।

সেয়েহে আজি তেওঁক বিশেষ ভাৱে আপোনাক পৰিচয় কৰি দিব লৈছো। আহকচোন তেন্তে জানো তেওঁনো কোন আৰু কিয় বিশেষ! সৰুৰে পৰা ল’ৰাজনৰ এক অদ্ভুত চখ। নতুনকে পুতুলা গাড়ী কিনি আনি খোলা মেলা কৰি ন কৈ ন ৰূপত সজোৱাটো এক প্ৰকাৰৰ হবি আছিল। যাৰ ফলশ্ৰুতিত সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই এখন কাগজৰ নাও সাজি, মেচিন লগাই এটা পুখুৰীৰ ইমূৰৰ পৰা সিমূৰ কৰিবলৈ সক্ষম হৈছিল। এনেদৰে বহু বাৰ বহু সামগ্রী বনাবলৈ প্ৰয়াস কৰিছিল। বহু ক্ষেত্ৰত সফল হৈছিল। শেহতীয়াকৈ কাইনেটিক হোণ্ডাৰ ইঞ্জিন গাড়ী, কিছু সামগ্ৰীয়ে নিৰ্মাণ কৰিলে Racing Car। স্মতৰ্ব্য যে জ্যোতি শংকৰ ভৰালী নামৰ ল’ৰাজনে বন্ধত ঘৰত থকা সময়খিনিত এই Racing Car খন নিৰ্মাণ কৰে।

প্ৰাপ্ত বাতৰি মতে জ্যোতি শংকৰ ভৰালীৰ ঘৰ নগাওঁ জিলাৰ মঠৰবড়িত। বৰ্তমান তেওঁ Orrisa ত Eastern Academy Science and Technology ত  Mechanical Engineering অধ্যয়ন কৰি আছে। ভৱিষ্যতে জল পথ, স্থলপথ, বায়ুপথ, সকলোতে চলাচল কৰিব পাৰা এখন গাড়ী নিৰ্মাণৰ পৰিকল্পনা ৰাখিছে। নিজৰ উদ্ভাৱনী শক্তিৰে পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা জ্যোতি শংকৰ ভৰালী অনাগত দিনত উজলি উঠক nefocus.com ৰ  ফালৰ পৰা জনালো বহু শুভকামনা।

Comments (1)
Add Comment
  • Utpal bharali

    এইখনৰ youtube video আছে নেকি।