নমামী ব্ৰহ্মপুত্ৰৰ দ্বিতীয় দিনা

সংস্কৃত ভাষাতো অতি প্ৰাচীন। বৃট্ৰিছ সকল ভাৰতলৈ অহাৰ  আগতে সকলোৰে ভাষা ভাষীৰে Common Language আছিল সংস্কৃত ভাষা। সংস্কৃত ভাষাটোক পুনৰ উদ্ধাৰৰ বাবে ন প্ৰজন্ম সচেষ্ট হোৱা উচিত। বিশেষকৈ শিক্ষা পদ্ধতিত সংস্কৃত ভাষা বাধ্যতামুলক ভাবে সন্নিবিষ্ট কৰা উচিত। কিয়নো আমাৰ অসমীয়া ভাষাৰ মূল ভাষা হ’ল সংস্কৃত ভাষা। বেদ-উপনিষদ, পুৰাণ আদিবোৰ সংস্কৃত ভাষাত লিপিবদ্ধ আছে। ভাৰতীয় পৰম্পৰাক শ্ৰদ্ধা জনাই এই ভাষা প্ৰসাৰ ঘটোৱাটো অতি প্ৰয়োজনীয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে জাৰ্মানী, ৰাছিয়াত সংস্কৃত ভাষাৰ চৰ্চা হয়। আহোম ৰজাৰ দিনটো সংস্কৃত ভাষাত বিহুগীত ৰচনা হৈছিল। পৃথিবীৰ সকলো দেশৰ নিজা শিক্ষা পদ্ধতি আছে আমাৰ দেশৰো নিজস্ব শিক্ষা পদ্ধতি থকাটো বাঞ্চনীয়। এই মন্তব্য উপাচাৰ্য্য দিপক কুমাৰ শৰ্মাৰ। নমামী ব্ৰহ্মপুত্ৰ উৎসৱত ছাত্ৰ-ছাত্ৰী আৰু উপাচাৰ্য সকলৰ মত বিনিময় অনুষ্ঠানৰ এয়া এক কিয়দাংশ।

আজি দ্বিতীয় দিনৰ দিনা মহানগৰীত অনুষ্ঠিত হোৱা নমামী ব্ৰহ্মপুত্ৰ উৎসৱত মহাবাহু ব্ৰহ্মপুত্ৰৰ সৃষ্টি আৰু ঐতিহ্য সৰ্ম্পকত নিৰ্মিত এক ফিল্ম প্ৰদৰ্শিত কৰাৰ লগতে অসম আৰু অসমীয়াৰ জনজীৱনৰ ভিত্তি কৰি নিৰ্মিত চিনেমা প্ৰদৰ্শিত কৰে। সমান্তৰালভাৱে নাও খেল, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এয়া আছিল মহানগৰীৰ দ্বিতীয় দিনা নমামী ব্ৰহ্মপুত্ৰৰ কাৰ্য্যাৱলী। প্ৰতিকুল বতৰৰ বাবে সঠিক মতে কাৰ্য্যসুচী ৰূপায়ন কৰিব নোৱাৰিলেও জনগণৰ উৎসাহ উদ্দীপনা ম্লান হোৱা পৰিলক্ষিত নহ’ল। 

Comments (0)
Add Comment