চানডে’ৰ বিশেষ ৰেচিপি

চানডে’ৰ দিনটোত অলপ Extra কে বনাই খাই ভাল লাগে। পিছে দিনটো গ’ল যদিও নৈশ আহাৰৰ বাবে এতিয়াও বহুত সময় আছে। সেয়েহে আজি খাদ্য সম্ভাৰ শিতানত এনে কেইবিধমান ৰেচিপি প্ৰকাশ কৰিছো, য’ত আপুনি পৰম্পৰাগত খাদ্যৰ কিছু Uncommon টেষ্ট পাব। ৰেচিপি কেইবিধ আগবঢ়ালে মিতালী কলিতাই।

আচাৰী ভেন্দি

সামগ্ৰী- ভেন্দি, পিয়াজ, জিৰা গুৰি, ধনীয়া গুৰি, জলকীয়া গুৰি, নেমুৰস, হালধি, তেল, নিমখ।

প্ৰথমে ভেন্দি খিনি ধুই কাটি ল’ব। তাৰ পিছত এখন কেৰাহিত অলপ তেল গৰম কৰি পিয়াজ, নিমখ, হালধি, জীৰা গুৰি জলকীয়া গুৰি, ধনিয়া গুৰি দি ভেন্দি খিনি ভাজিব। মছলাবোৰ ভেন্দিত লাগি ধৰিলে নেমু ৰস দি ঢাকি দিব। ইয়াৰ পিছত শুকান ৰুটি বা ভাতৰ লগত পৰিবেশন কৰক।

পছতীয়া আৰু নৰসিংহ পাতেৰে লোকেল মুৰ্গীৰ মাংস

সামগ্ৰী- মুৰ্গীৰ মাংস, পিয়াজ, আদা, নহৰু, জিৰা আৰু জালুক, তেল, পছতীয়া আৰু নৰসিংহ পাত

প্ৰণালী- প্ৰথমে মুৰ্গী মাংসখিনি ভালকে ধুই তাত পিয়াজ, আদা, নহৰু পেষ্ট খিনি দি নিমখ হালধি আৰু তেল দি সানি ল’ব। এতিয়া কেৰাহিত মাংসখিনি দি আগতে মিস্কিত মাৰি থোৱা পছতীয়া আৰু নৰসিংহৰ পাত দি গৰম পানী দিব। মাংসখিনি সিজিলে নমাই থৈ গৰম ভাতৰ লগত খাব পাৰে। এনেধৰণৰ আঞ্জা গাৰ বিষত খালে উপশম পোৱা যায়।

তেল নিদিয়াকৈ ৰন্ধা মাংসৰ ভাত

সামগ্ৰী- মুৰ্গী মাংস, পিয়াজ, নহৰু, আদা, জিৰা, জালুক, কেচাঁ জলকীয়া

মাংস খিনি ধুই পিয়াজ, আদা নহৰু জিৰা, জালুকৰ পেষ্ট আৰু নিমখ, হালধি ভালকৈ সানি কেৰাহিত বঢ়াই দিব। অলপ কম জুঁইত সিজিবলৈ দিব। ভজা হ’লে গৰম পানী অলপ ঢালি উতলিব দিব। এতিয়া কেচা পিঠা গুৰি দি মাংসখিনি উতলিব দিব। মাংসখিনি সিজিলে নমাই ওপৰত পকা জলকীয়া আৰু ধনীয়াৰে সজাব পাৰে।

মিতালী কলিতা
Comments (1)
Add Comment
  • Manjit Dihingia

    Nice