তিনিবিধ আমিষ ৰেচেপি

আমিষেই হওক অথবা নিৰামিষেই হওক প্ৰত্যেক ৰেচিপিৰেই একো একোটা নিজস্ব টেষ্ট আছে। ঠিক তেনেদৰে ৰেচিপি প্ৰস্তুত কৰা গৰাকীৰো ৰন্ধন শৈলী এজনৰ পৰা আনগৰাকী পৃথক হয়। খাদ্য সম্ভাৰ শিতানত  আজি প্ৰকাশ কৰা হ’ল কেইবিধমান আমিষ ৰেচিপি। আগবঢ়ালে ৰাজীৱ শইকীয়াই।

মুৰ্গীৰ মাংসৰে কলডিল

উপকৰণ- মাংস, কলডিল, পিয়াজ, আদা নহৰুৰ মিশ্ৰণ, হালধিগুৰি, গুটা জিৰা, ক’লা জালুক, দালচেনি, ইলাচি, তেজপাত, শুকান জলকীয়া, মিঠাতেল

প্ৰণালীঃ- প্ৰথমে কেৰাহীত তেল গৰম কৰি তেজপাত আৰু জলকীয়া দিব। তাৰ পিছত পিয়াজ খিনি দি সোণালী ৰং হোৱালৈ ভাজিব। লগতে আদা, নহৰুৰ মিশ্ৰণ, জিৰা খুন্দি দি মাংস খিনিত দিব।

এতিয়া মাংসখিনিত হালধি দি ভালকৈ মিহলাই ক’লা জালুক, দালচেনি, ইলাচি দিব। ভালকৈ মিহলি কৰি লৰাই কলডিল খিনি দি ঢাকি ৰাখিব। ১০ মিনিট মানৰ পিছত অলপ পানী দি সিজিব দিব। এনেদৰে সিজাৰ পিছত কলডিল আৰু মুৰ্গী মাংস প্ৰস্তুত হয়। 

চুইট কৰ্ন চিকেন বাটাৰ দি বনোৱা ৰেচিপি

উপকৰণ- চিকেন, চুইট কৰ্ন, বাটাৰ, জিৰা, ইলাচি, জালুক, তেজপাত, শুকান জলকীয়া, নহৰু, দালচেনি, ধনীয়া গুৰি, পিয়াজ, পোৰা বিলাহী।

প্ৰণালীঃ কেৰাহীত বাটাৰখিনি গৰম কৰি তেজপাত শুকান জলকীয়া আৰু পিয়াজ খিনি দিব। পিয়াজৰ ৰং টো গাঢ় হ’লে চিকেন, জিৰাগুৰি, ধনিয়াগুৰি, নহৰু, হালধি দিব। ইয়াৰ পছত ইলাচি, জালুক, দালচেনি খুন্দা আৰু চুইট কৰ্ন সৰুকে কাটি মাংসখিনিৰ লগত দিব। বিলাহী এটা পুৰি মিক্সাৰত মাৰি মাংসৰ লগত দিব। লগতে পিয়াজ কাটি চিকেন চুইট কৰ্নখিনিৰ ওপৰত দিব।

গাহৰিৰ মাংসৰ আঞ্জা

উপকৰণ- গাহৰি মাংস, নহৰু, আদা, জলকীয়া, বিলাহী, পিয়াজ, ধনীয়া পাত।

প্ৰথমে গাহৰি মাংসখিনি কুকাৰত বইল কৰি ল’ব। এখন কেৰাহিত তেল দি আদা, নহৰু, জলকীয়া, পিয়াজ মিহলাই দিব। ১০ মিনিটৰ পিছত বিলাহী মিহলাই দিব। নিমখ, হালধি দি অলপ পানী দি সিজিব দিব। সিজোৱাৰ পিছত ধনীয়া পাত দি সজাব।

Comments (0)
Add Comment