বতৰৰ কেইবিধমান ৰেচিপি

এনে বতৰত কিছুমান  ৰেচিপিৰ জুতি লৈ সচাঁই ভাল লাগে। তেনে কেইবিধমান ৰেচিপি আজি প্ৰকাশ কৰা হ’ল। আগবঢ়ালে সুজাতা পাঠক বৰাই।

কনবিলাহী, ক’লা আঙুৰ, গজালী ওলোৱা কেচা মটৰ আৰু কুমলীয়া পালেং পাত এই গোটেই কেইবিধ ভালকৈ ধুই চাফা কৰি লৈ প্লেটত দিব । এটা বাটিত এচামোচ মৌ, চিলি ফ্লেক্চ, আৰু এক্সট্ৰা ভাৰজিন অলিভ অইল মিহলি কৰি খোৱাৰ আগে আগে চালাদখিনিৰ ওপৰত ঢালি দিব ।

বগা তিলেৰে মাছৰ আঞ্জা

অতি সহজে ৰান্ধিব পৰা সোৱাদভৰা আঞ্জা । ক’লা তিলেৰে প্ৰায়েই মাছ আৰু মুৰ্গী মাংস ৰন্ধা হয় বগা বিধেৰে ৰন্ধা নহয়। প্ৰথমে মাছখিনি ভাজি লৈ। পিছত এখন কেৰাহীত মিঠাতেল গৰম কৰি মিহিকৈ কুটি লোৱা পিয়াজ অলপ সৰহকৈ লৈ ভালকৈ ভাজি লৈ শুকানকৈ ভাজি লোৱা বগা তিল শুকান জলকীয়া আৰু নহৰু একেলগে পিহি, ভজা পিয়াজৰ লগত দি লগতে নিমখ, হালধী দি ভালকৈ ভাজিব। অলপ পানী দি মাছ কেইডোখৰ দি উতলিব দি ভালকৈ উতলি তেল বিৰিঙাত নমাই থ’ব।

চালাদ 

স্বাস্থ্যসন্মত আৰু সকলোৱে অতি সহজতে তৈয়াৰ কৰিব পৰা এইবিধ চালাদ, খাবলৈ সোৱাদ হোৱাৰ লগতে চকু, চাল, পেট আদিৰবাবে ভাল।  ইয়াৰবাবে আটাইতকৈ বেছি দৰকাৰী সামগ্ৰী দুবিধ হৈছে গোটা মগু আৰু ডালিম। প্ৰথমে গোটা মগুখিনি কেইঘণ্টামানৰ বাবে পানীত তিয়াই থ’ব। কোমলিলে ভালকৈ ধুই লৈ এখন শুকান কাপোৰেৰে ভালকৈ ঢাকি থৈ দিব গজালি মেলিবলৈ।  ফ্ৰীজত নথব। গৰম দিনত দুই তিনিঘণ্টাত গজালি মেলে, ঠাণ্ডাত অলপ বেছি সময় লাগিব।

গজালি মেলা মগুখিনি এটা পাত্ৰত ঢালি লৈ তাতে ডালিমগুটি, সৰুকৈ কুটি লোৱা আপেল, নিমখ দি সিজাই লোৱা কুমলীয়া মাকৈ আদি সকলো মিহলাই লৈ ওপৰে ওপৰে অলপ আমচুৰ পাউদাৰ আৰু ক’লা নিমখ চটিয়াই পৰিবেশন কৰক। ডায়েট কণ্ট্ৰল কৰা লোক আৰু মধুমেহ ৰোগীৰ লগতে উচ্চ ৰক্তচাপৰ সমস্যা থকা সকলৰবাবে উপযোগী।

Comments (0)
Add Comment