কেইবিধমান সুস্বাদু ষ্টাটাৰ

ব্ৰেড পকোৰা

উপকৰণ

ব্ৰেড স্লাইচ তিনিকোণীয়া আকাৰত কাটি ল’ব। বেচন, ময়দা, বেকিং পাউদাৰ, কুটা কেচা জলকীয়া, ধনীয়া পাওডাৰ, পনীৰ, তেল আৰু নিমখ।

প্ৰণালী- বেচন, ময়দা, বেকিং পাউদাৰ, নিমখ সানি তাত অলপ পানী মিহলাই ভোল বনাই লওক। তাত কুটা কেঁচা জলকীয়া, ধনীয়া পাত পনীৰ মিহলাই লওক। কেৰাহিত তেল গৰম কৰি তাত ব্ৰেডৰ টুকুৰাবোৰ বেচনৰ ঘোলত ডুবাই তেলত ফ্ৰাই কৰক।

চীজ ব্ৰেড Toast

উপকৰণ

ব্ৰেডৰ স্লাইচ, আপেল, গাজৰ,চিজ,বাটাৰ, নিমখ, জালুক গুৰি

প্ৰণালী- ব্ৰেড বাটাৰ সানি তাত গ্ৰেট কৰা আপেল, গাজৰ টপিং দিব, নিমখ অলপ আৰু জালুকৰ গুৰি চটিয়াই ওপৰত চিজ স্লাইচ দি Micro Wave ত ৫ মিনিট গৰম কৰক চিজকিনি গলি যোৱাকৈ।

Prawns Fry/ প্ৰৰ্ণ ফ্ৰাই

উপকৰণ

Prawn, চাউলৰ গুৰি, কনফ্লৰ, নেমু, বগাতিল, নিমখ, জলকীয়াগুৰি।

প্ৰণালী- Prawn খিনিত নেমুৰস, নিমখ সানি কনফ্লৰ সানি লব। চাউলৰ গুৰি, কনফ্লৰ, নেমুৰস, জলকীয়া গুৰি, নিমখ লগত পানী মিহলাই ঘোল বনাই এটা এটা কৰি Prawn খিনি ডুবাই গৰম তেলত ফ্ৰাইকৰি, ওপৰত বগা তিল চটিয়াই দিব।

মৃদুস্মিতা দত্ত দুৱৰা
Comments (1)
Add Comment