পৌৰাণিক আৰু আধুনিকতাৰ ৰীতিত পৰিচালিত এখন দেৱালয়

পূজা বুলিলেই আধ্যাত্মিকতাৰ লগতে বহুখিনি কথা সংযুক্ত হৈ থাকে। বিশেষ কৈ পূজাৰ বতৰত পৰিয়াল অথবা বন্ধু-বান্ধৱৰ সৈতে বহুতে ফুৰাৰ বাবে পৰিকল্পনা কৰে।
আমাৰ অসমতো পূজাৰ বতৰত চাবলগীয়া স্থান আছে। তাৰেই অন্যতম স্থান হ’ল বিল্লেশ্বৰ দেৱালয়। ১৫০০-১৬০০ খৃষ্টাব্দত প্ৰতিষ্ঠিত এই দেৱালয়খনত দুৰ্গাপূজা ব্যতিক্ৰম ধৰণে উদযাপিত হৈ আহিছে। সঠিক প্ৰচাৰ আৰু প্ৰকাশৰ অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত হয়তো বহুতেই নাজানে বিল্লেশ্বৰ দেৱালয়ৰ বিষয়ে।
নলবাৰী জিলাৰ পৰা প্ৰায় ১০ কিলোমিটাৰৰ নিলগত এই দেৱালয়খন অৱস্থিত। আহোম ৰজা শিৱসিংহৰ দিনত এই দেৱালয়খন প্ৰতিষ্ঠা হৈছিল। আৰু তেতিয়াৰ পৰা পৰম্পৰাগত ভাৱে উদযাপিত হৈ আহিছে দুৰ্গাপূজা। আস্থা, বিশ্বাস আৰু ভক্তৰ সংগমস্থলী হিচাপে পৰিগণিত হৈ অহা বিল্লেশ্বৰ দেৱালয় খনত সেয়েহে অসংখ্য দেশী-বিদেশী পৰ্যটকৰ  সমাগম হয়। 
বিল্লেশ্বৰ দেৱালয়ৰ পূজাৰ বিধি সম্পূৰ্ণ পৃথক। কোনো মৃন্ময় মূৰ্ত্তি পূজা কৰা নহয়, এই সম্পৰ্কে দেৱালয়খনৰ দলৈয়ে আমাক এনেদৰে কয়- দুৰ্গাপূজাৰ সময়ত আমি এজোপা ৰাম কল গছক দেৱীৰ আকাৰ দি পূজা কৰো। উল্লেখযোগ্য যে এই ৰাম কল গছ জোপা গুটিৰ পৰাহে গছ হয়। ষষ্ঠী দিনা ১২ ফুট উচ্চতাৰ কাঠৰ আসনত দেৱীক অধিষ্ঠিত কৰাও। বাকী দেৱ-দেৱীক ঘটত প্ৰতীকী ৰূপ দিওঁ। নৱমীৰ দিনা পৰম্পৰাগত ভাবে চলি অহা ম’হ বলি দিওঁ। আৰু দশমীৰ দিনা  দেৱীক বিসৰ্জন দিওঁ।
উল্লেখযোগ্য যে বিল্লেশ্বৰ দেৱালয়ৰ প্ৰাকৃতিক পৰিবেশ খুবেই মনোৰম। দেৱালয়ৰ সমীপত থকা পুখুৰীত বুটিং কৰিব পৰা সুবিধা আছে।
আধ্যাত্মিকতাৰ লগত মনৰ আনন্দ ল’বলৈ এই পুজাৰ বতৰতে বিল্লেশ্বৰ দেৱালয়ত পৰিদৰ্শন কৰিব পাৰে।
সহযোগ কৰিলে- কৈলাস ডেকা, নলবাৰী
Comments (1)
Add Comment
  • দিগন্ত, দৈনিক জনমভূমি

    বিল্বেশ্বৰ দেৱালয় লেখা,
    ভাল লাগিল।