এক ব্যতিক্ৰম ৰেষ্টুৰেণ্ট… ৰেলত পাব সকলো বস্তু

উত্তৰ পূবত প্ৰথমবাৰৰ বাবে মুকলি হ’ল ট্ৰেইন ৰেষ্টুৰেণ্ট। মহানগৰীৰ এ বি চি ৰ ময়ুৰ হাইটত মুকলি হোৱা ৰেচিপি নামৰ এখন ৰেষ্টুৰেণ্টত মুকলি হয়। উল্লেখযোগ্য যে ৰেচিপি ৰেষ্টুৰেণ্টত গ্ৰাহকে কোনো বস্তু যদি অৰ্ডাৰ কৰে, সেই অৰ্ডাৰ কৰা বস্তু খিনি ট্ৰেইনৰ পৰা পোৱাৰ সুবিধা আছে।

এটা নতুন ধাৰণা আৰু উদ্ভাৱনৰ সংমিশ্ৰণৰে সঞ্জয় দেৱনাথে প্ৰস্তুত কৰা ৰেচিপি ট্ৰেইন ৰেষ্টুৰেণ্ট খন চাবলৈ বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। এই ব্যতিক্ৰম ধৰণৰ ৰেষ্টুৰেণ্ট খনত ভাৰতবৰ্ষৰ লগতে জাপান, কোৰিয়া আৰু ভিয়েটনামৰ খাদ্য উপলব্ধ হ’ব। ৰেষ্টুৰেণ্ট খনৰ মুকলি অনুষ্ঠানত গায়ক দিক্ষু, নিপেন ভট্ৰাচাৰ্য্য আৰু এমট্ৰনৰ ৰিতুবাৰান শৰ্মা উপস্থিত থাকে।

Comments (0)
Add Comment