এ চি এম এৰ সংবাদ মেল

ভাৰতৰ যান বাহনৰ যন্ত্ৰাংশ নিৰ্মাণৰ অগ্ৰণী প্ৰতিষ্ঠান অ’টমটিভ কম্প’নেণ্ট মেনুফেকচাৰাৰ্ছ এছ’ছিয়েচন অৱ ইণ্ডিয়া চমুকৈ এ.চি.এম এয়ে আজি উত্তৰ পূৰ্বাঞ্চলত তৃতীয়বাৰৰ বাবে এ.চি.এম. অফটাৰ মাৰ্কেট মেলাখন ১৪ আৰু ১৫ ডিচেম্বৰত গুৱাহাটীস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। যোৱা ২০১৬-১৭ বৰ্ষত অনুষ্ঠিত হোৱা প্ৰথম আৰু দ্বিতীয় সংস্কৰণৰ সাফল্যৰ পিছত তৃতীয়বাৰৰ বাবে অধিক উৎসাহৰে তেওলোকে উক্ত মেলাখন অনুষ্ঠিত কৰিবলৈ ওলাইছে। এই উপলক্ষে এ.চি.এমৰ মুখ্য সঞ্চালক ভিন্নি মেহতাই কয় যে, ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচি সন্দৰ্ভত খুবেই আশাবাদী যি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰক সংযোগ কৰাৰ উদ্দেশ্যৰে নতুন ঘাইপথ নিৰ্মাণৰ দিশত অগ্ৰসৰ হ’ব। তাৰোপৰি উত্তৰ পূৱ ভাৰতত বৰ্ধিক বাহণ পাৰ্কে সেৱাৰ উপযুক্ত অৱকাশৰ সৃষ্টি কৰিব। যোৱা ২০১৭-১৮ বৰ্ষত উত্তৰ পূৰ্বাঞ্চলত আফটাৰ মাৰ্কেটিংঙৰ ৯% বৃদ্ধিৰে ২, ১৭৬ কোটি টকা উত্তৰণ হোৱাৰ লগতে ভাৰতৰ বজাৰখনত ৭% অৰিহণা আগবঢ়াইছে বুলি উল্লেখ কৰে। উক্ত মেলাখনত গুৱাহাটীৰ মটৰ পাৰ্টছ ট্ৰেডাৰ্ছ এছ’চিয়েচন (এফ এ আই এ এছ পিডিএ) প্ৰমূখ্যে বিভিন্ন প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰাৰ লগতে মেলাখনত ব্ৰে’ক, ক্লাটছ পাৰ্টছ, পিষ্টন, ভালভছ, অইল ছিল, টায়াৰ, শ্ব’ক এবজ’ৰ্বাৰ্ছ, লীফ স্প্ৰীৎ, ৱাইপাৰ আৰ্ম আৰু ব্ৰে’ড আদি সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব।

Comments (0)
Add Comment