অসমৰ মাটি এক ইঞ্চিও কাকো দিয়া নহ’ব- মুখ্যমন্ত্ৰী

অসমৰ মাটি এক ইঞ্চিও কাকো দিয়া নহ’ব- মুখ্যমন্ত্ৰী

WhatsApp Image 2017-10-30 at 6.32.53 PM

ক’লা ধন আৰু দুৰ্নীতিত লিপ্ত থকা জনক ৰেহাই দিয়া নহ’ব। ইয়াৰ বাবে দায়বদ্ধতাৰে সকলোৱে কাম কৰিব লাগিব। কোনো ব্যক্তিয়ে অবৈধভাৱে ধন ৰাখিব নোৱাৰিব। প্ৰতিটো বিভাগ যাতে স্বচ্ছ (নিকা) কৰি তুলিব পাৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

declare-black-money-and-pay-just-50-percentage--tax

আজি ক’লাধন বিৰোধী দিৱস উপলক্ষে আয়োজিত এক সংবাদ মেলত মন্ত্ৰী গৰাকীয়ে এই মৰ্ন্তব্য কৰে। আজি জনতা ভৱনত অনুষ্ঠিত  সংবাদ মেলত মন্ত্ৰী গৰাকীয়ে কয় যে ৮ লাখ চাহ মজদুৰ বেংক একাউণ্টৰ ব্যৱস্থা কৰা আৰু নীতিবৰ্হিভুত ভাৱে চাকৰি লোৱা ৩ জন বিষয়াক নিলম্বিত কৰা হৈছে।

AssamDistricts

ভূমিৰ প্ৰসংগত অসমৰ মাটি নগালিমক এক ইঞ্চিও দিয়া নহ’ব বুলি সদৰী কৰি কয় যে, এন আৰ চি ক্ষেত্ৰত কোনো বৈধ নাগৰিক শংকিত হ’ব নালাগে।

nrc-supreme-court

এন আৰ চি নাগৰিকৰ সুৰক্ষা, সাৰ্বভৌমত্বৰ বাবেহে কৰা হৈছে। উল্লেখযোগ্য যে অহা ৬ নৱেম্বৰৰ পৰা ৮ নবেম্বৰলৈ ক’লা ধন, দুৰ্নীতি বিৰোধী দিৱস সমগ্ৰ দেশতে উদযাপন কৰা হ’ব। সেই বিশেষ দুদিনত বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ কথা জানিবলৈ দিয়ে। পূৰ্বৰ তুলনাত বিত্তীয় ব্যৱস্থাটো স্বচ্ছ হৈছে বুলি সংবাদ মেলৰ যোগে সদৰী কৰে।

Comments (0)
Add Comment