আতংকৰ অন্যতম নাম নিপা

সম্প্ৰতি সময়ত আতংকৰ অন্য এক নাম হৈছে নিপা ভাইৰাছ। নিপা ভাইৰাছৰ সংহাৰী ৰূপে বহুতক প্ৰাণ লৈছে। এই কথা ইতিমধ্যে বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছে। নিপা ভাইৰাছ  কি, এই ভাইৰাছ বিধৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ ওপৰত ভিত্তি কৰি সমসাময়িক শিতানত আগবঢ়োৱা হ’ল “আতংকৰ অন্যতম নিপা” শীৰ্ষক এক লেখা।
নিপা ভাইৰাছৰ আতংকই সমগ্ৰ ৰাজ্যত ত্ৰাসৰ সৃষ্টি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰকাশিত এক তথ্য মতে এই ভাইৰাছ বিধ দ্ৰুতভাৱে প্ৰসাৰিত হৈ পশুৰ দেহৰ পৰা মানৱ দেহলৈ সংক্ৰমিত হয়। উদাহৰণ স্বৰূপে এই ভাইৰাছত আক্ৰান্ত বাদুলিয়ে খোৱা ফল খালে মানুহৰ দেহলৈ এই ৰোগ সংক্ৰমিত হয়। ইয়াৰ উপৰিও ৰোগাক্ৰান্ত গাহৰিৰ মাংস খালেও নিপা ভাইৰাছত আক্ৰান্ত হোৱা সম্ভৱনা প্ৰবল।
নিপা ভাইৰাছৰ লক্ষণ বুলিলে জ্বৰ, মূৰ বিষ, মগজু ৰোগ, শৰীৰ কোনো অংশ ফুলি উঠা, ৰঙা পৰা আদিবোৰ অন্যতম। নিপা ভাইৰাছৰ কোনো ধৰণৰ প্ৰতিষেধক আবিষ্কাৰ হোৱা নাই।  অৱশ্যে কিছুদিন পূৰ্বে শেৱালি ফুলৰ  ৰস খালে উপশম পোৱা যায় বুলি ফেচবুকত এটা পোষ্ট প্ৰকাশ পাইছিল। অৱশ্যে ইয়াৰ সত্যতা  বিশেষজ্ঞহে  নিৰূপণ কৰিব পাৰিব। বিশেষজ্ঞ সকলৰ মতে  সাৱধানতাই এই ভাইৰাছ বিধৰ পৰা হাত সৰা অন্যতম উপায়।
Comments (0)
Add Comment