আশাৰ ফিৰিঙতিয়ে পোহৰাইছিল

সপোন, সপোন সপোন। সপোনক চিন্তালৈ আৰু চিন্তাক কাৰ্য্যলৈ ৰূপান্তৰ কৰা। সপোন সেয়া নহয়, যি শুই থাকোতে দেখা যায়। সপোন সেয়াহে যি শুৱ নিদিয়ে। জীৱনত লাভ কৰা কিছু অভিজ্ঞতাৰ পৰা কৈ গৈছিল তেওঁ কিছু বাণী। যিবোৰ বাণী আছিল তাৎপৰ্য্যপূৰ্ণ। প্ৰিয় পাঠক, এয়া আছিল এ. পি. জে আব্দুল কালামৰ বাণী। তামিলনাডুৰ ৰামেশ্বৰমত এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিও এজন অসাধাৰণ ব্যক্তি হিচাপে পৰিচয় জিনিবলৈ সক্ষম হোৱা কালাম ছাৰ চিৰনমস্য। জীৱনৰ আদি কালৰে পৰা সংগ্ৰাম কৰিবলৈ শিকিছিল, সেয়েহে পঢ়াৰ দিনতো বাতৰি কাকত বিলাই খৰছ উলিয়াই পৰিয়ালটোক সকাহ যোগাইছিল। কথাতে কয় অভাৱে মানুহক পৈণত কৰে। আচলতে যদিও কালামৰ পৰিয়ালটো আৰ্থিক ভাৱে স্বচ্ছল নাছিল, জীৱনত সকলো বস্তুৰে অভাৱ আছিল, আনন্দৰ কেতিয়াও অভাৱ নাছিল। এনে এটা পৰিয়ালৰ পৰা কালামে লৈছিল এক আৰ্দশ, যি আৰ্দশৰ বাটেৰে আগবাঢ়ি এসময়ত বৈমানিক উন্নয়ন প্ৰতিষ্ঠানৰ এ ডি ই হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ২০২০ চনত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছিল। কালামৰ মতে শিক্ষা, চিকিৎসা, কৃষি, যোগাযোগ সকলো দিশতে পৰিবৰ্ত্তন সাধন হ’লেহে দেশ উন্নতিৰ শিখৰলৈ ধাবিত হ’ব। কালামৰ জীৱন, আদৰ্শ, কৰ্মপন্থাক সুঁৱৰি আজি তেখেতৰ জন্মদিনৰ দিনা শ্ৰদ্ধা নিবেদন কৰিছোঁ।

 

Comments (0)
Add Comment