উলহে মালহে হোলী উদযাপন

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰঙৰ উৎসৱ ফাকুৱা অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীৰ অন্যান্য ঠাইৰ লগতে শুক্ৰবাৰে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ প্ৰঙ্গনত জি এল পি ছ’চিয়েল চাৰ্কোল আৰু শ্ৰীহনুমান সেৱা নিধিৰ যৌথ উদ্যোগত সমন্বয় হোলীৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী, জি এল পি ছ’চিয়েল চাৰ্কোলৰ অধ্যক্ষ জি এল আগৰৱালাই উপস্থিত ৰাইজক হোলীৰ শুভেচ্ছা প্ৰদান কৰে। এই অনুষ্ঠানৰ জৰিয়তে জি এল পি ছ’চিয়েল চাৰ্কোলৰ  অশোক আগৰৱালাই কয় যে আমি প্ৰতি বছৰে সমন্বয়ৰ বাবে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শান্তি সমৃদ্ধি বিয়পাবলৈ সমন্বয় হোলীৰ আয়োজন কৰি আহিছো।

এই সমন্বয় হোলীত ব্যৱস্থাপনা মণ্ডলীয়ে যোগান ধৰা হাৰ্বেল ফাকু গুৰীৰে হোলী খেলা হয়। এই অনুষ্ঠানৰ আৰম্ভণিতে লাচিত নগৰ মহিলা সমিতিয়ে নাম আয়োজন কৰে।  নৃত্য দলে নৃত্য প্ৰদৰ্শন কৰে৷ উক্ত অনুষ্ঠানত বিভিন্ন শিল্পীয়ে হোলী গীত পৰিবেশনৰ লগতে নৃত্য পৰিবেশন কৰে। উল্লেখযোগ্য যে সমন্বয়ৰ হোলীত পুৱাৰে পৰা  শিশুৰ পৰা বৃদ্ধলৈ যথেষ্ট সংখ্যক লোকৰ সমাগম হয়।

Comments (0)
Add Comment