এনে বতৰত কিদৰে স্বাস্থ্য, সৌন্দৰ্য্য ধৰি ৰাখিব

কুঁৱলীৰ আচ্ছাদন ফালি লাহে লাহে ধৰালৈ নামি আহিছে শীতৰ ৰাণী। সেয়েহে চাৰিওফালে সেমেকা সেমেকা, ঠাণ্ডা অনুভৱ হোৱা এক পৰিবেশে বিৰাজ কৰিছে। বতৰৰ এনে পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত এনে সময়তে বহুতো অসুখত ভোগে। এনে পৰিৱৰ্তন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যৰ যতন লোৱাটো অত্যন্ত জৰুৰী। আপোনালোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্নজন বিশেষজ্ঞই আগবঢ়োৱা পৰামৰ্শই আজিৰ লেখাটো প্ৰস্তুত কৰা হ’ল – আহকচোন প্ৰথমে জানো বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ এজন বিজ্ঞানীয়ে এই সৰ্ম্পকে কি কয়…

সাধাৰণতে অক্টোবৰৰ পৰা জহ-জাৰৰ প্ৰভাৱ মিশ্ৰিত হয়। সেয়েহে এই সময়ছোৱাত দিন চুটি আৰু ৰাতি দীঘল হয়। India Meteorology department য়ে এই সময়খিনিক Post monsoon হিচাপে স্বীকৃতি দিছে।

আনহাতে এগৰাকী বিশিষ্ট চিকিৎসক ড° হিৰুমণি শইকীয়াই স্বাস্থ্যৰ সজাগতাৰ সৰ্ম্পকে এনেদৰে পৰামৰ্শ আগবঢ়ায় – যিহেতু বতৰ সলনি হৈছে, গৰম ঠাণ্ডাৰ মিশ্ৰিত প্ৰভাৱ পৰিছে। যিসকলে “ঠাণ্ডা” Cool drinks খাই ভাল পায়, সেই সকলে এনে দিনত Cool drinks খোৱাৰ অভ্যাস পৰিত্যাগ কৰিব লাগে। এনে দিনবোৰত হজম শক্তি খুব কমি আহে। আমি খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগে। মছলা বিহীন খাদ্যক অধিক প্ৰাধান্য দিয়া উচিত। বিশেষকৈ ডেংগু, মেলেৰিয়াৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ দীঘল হাতৰ চোলা অথবা আঁঠুৱা আদি ব্যৱহাৰ কৰিব লাগে।

এইসময়ত ছাল চুলি কিদৰে যতন ল’ব লাগে সেই সৰ্ম্পকে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই এনেদৰে কয় – এইদিন কেইটাত যিহেতু জলবায়ু সলনি হৈছে, পুৱা গধুলি ক্লিনজিং কৰিব লাগে। স্কিন পৰীক্ষা কৰি সেইমতে ক্ৰীম ব্যৱহাৰ কৰিব লাগে। যিসকলে সদায় বাহিৰত ওলায় যায় নিয়মিতভাৱে ছেম্পু ব্যৱহাৰ কৰাতো ভাল। এনে বতৰত বজাৰত স্থানীয়ভাৱে বহুতো শাক পোৱা যায়। মানিমুনি, ভেদাইলতা, ঔটেঙা আদিবোৰক নিৰ্বাচন কৰি খাদ্যৰ তালিকাত ৰখাতো জৰুৰী। ঔটেঙাই ছাল আৰু চুলি সুন্দৰ কৰে। শুকান বতৰত চুলি খিনি মেলি নলৈ ষ্টলে ঢাকি লোৱা ভাল। ৩০ বছৰ উৰ্দ্ধৰ সকলে মাহেকত এবাৰ ফেচিয়েল কৰিলে চালৰ সৌন্দৰ্য্য অটুট থাকে ।

প্ৰিয় পাঠক, এই বতৰত কিদৰে নিজকে যতন ল’ব লাগে নিশ্চয়কে এই লেখাৰ জৰিয়তে জানিব পাৰিলে। এনেধৰণৰ সমসাময়িক বিষয়ৰ বিষয়ে জানিবলৈ চাবলৈ নাপাহৰিব www.nefocus.com

Comments (1)
Add Comment
  • Bipul kalita

    সময়ৰ উপযোগী সমিধান