কাতি বিহুৰ শুভেচ্ছাৰে

আজি কাতি বিহু। কৃষক ৰাইজে পথাৰত এগছি বন্তি জ্বলাই খেতি দৰা শ্ৰীবৃদ্ধি হৈ লহপহকৈ বাঢ়ি আহিবলৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়। চহা কৃষক সকলে পূৰ্বৰ পৰম্পৰা ভংগ নকৰাকৈ আজিও এই বিহু পালন কৰি আহিছে। এনে সময়ত কৃষক সকল প্ৰায়েই কঙালত পৰে বুলি প্ৰচলিত এক মত আছে। সেয়েহে কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়। অৱশ্যে কাতি বিহুৰ লগত বৈজ্ঞানিক ধ্যান ধাৰণাও সংযুক্ত হৈ আছে। খেতি দৰাক যাতে কোনো কীট পতংগই অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবে বন্তি অথবা চাকি জ্বলায় বুলি এক মত প্ৰচলিত। কাতি বিহুত তুলসী ভেটিত এগছি বন্তি, এখন শৰাই আগবঢ়াই, চেমনীয়া শিশু সকলে সন্ধ্যাৰ বেলিকা ঘৰে ঘৰে গৈ প্ৰাৰ্থনা সেৱা আগবঢ়োৱা দৃশ্য আজিও দেখা যায়। কাতি বিহুত মাটি চাকিৰ সমান্তৰালকে তেলী খৰি, কলগছ, ঔটেঙাৰ বাকলি অথবা সৰু অমিতা, ফুলৰ মালাৰ ব্যৱহাৰ হয়।

এনে সময়ত কুমাৰ সকলৰ হাতৰ পৰশত গঢ়ি উঠা চাকি, গছা, ধুপদানি আদিবোৰৰ চাহিদা বজাৰত অধিক ৰূপত বৃদ্ধি পায়। বিশেষকৈ স্থানীয়ভাৱে প্ৰস্তুত কৰা “আকাশবন্তিয়ে” কাতি বিহুত সোণত সুৱগা চৰায়। প্ৰিয় পাঠক, আজি আৰু বিশেষ নিলিখো। আপোনালোকক সকলোকে কাতি বিহুৰ মৰম আৰু শুভেচ্ছা জনালোঁ। কাতি বিহুৰ বন্তিৰ পোহৰৰ দৰে যেন সকলোৰে আশাবোৰ ৰঙীণ হৈ পৰে তাকে কামনা কৰিলো।

সংগীতা শইকীয়া
সম্পাদিকা
Nefocus. Com

Comments (0)
Add Comment