খং নকৰিবা-সকলো শেষ হৈ যাব

খং নকৰিবা-সকলো শেষ হৈ যাব

আধুনিক জীৱনশৈলীয়ে একো একোজন মানুহক মেচিনলৈ পৰ্যবসিত কৰিছে। যাৰ বাবে ব্যস্ততা বাঢ়িছে, ষ্টেচ বাঢিছে। মানুহৰ মানসিক স্থিতিৰ তাৰতাম্য ঘটিছে। এক সমীক্ষাৰ দ্বাৰা জানিব পৰা গৈছে যে আজি কালি ১০ জন ব্যক্তিৰ ৬ জনেই অনাহকত খিংখিঙীয়া হৈ থাকে। ইয়াৰ কাৰণ যদি বিশ্লেষণ কৰি চোৱা যায় এটা কথা পৰিলক্ষিত হয় যে আধুনিক জীৱন শৈলীত তেওলোক ভাৰাক্ৰান্ত।
অসমীয়াত এষাৰ কথা আছে খং নামে চণ্ডালৰ লক্ষণ। খং হ’ল এনেকুৱা এবিধ প্ৰতিক্ৰিয়া যাৰ বাবে মূহুৰ্ত্বতে সকলো শেষ হৈ যায়। অৰ্থাৎ অত্যাধিক খঙাল ব্যক্তিয়ে হিতাহিত জ্ঞান হেৰুৱাই যি কোনো কাম কৰিব পাৰে।
এই সম্পৰ্কে এগৰাকী মনোৰোগ বিশেষজ্ঞই কয় যে যেতিয়া খং কৰা ব্যক্তি জনৰ কাম অথবা কথাত গুৰুত্ব দিয়া নহয় অথবা অৱজ্ঞা কৰা হয়, তেতিয়া খং আপোনা আপুনি শেষ হৈ যায়। খং হ’ল এনেকুৱা এবিধ আবেগ, যি মানুহক অনুশাসিত কৰিব নোৱাৰে। বহু সময়ত খাদ্য শৈলীও এই ক্ষেত্ৰত প্ৰভাৱ পেলায়। খং নিয়ন্ত্ৰণৰ সহায়ক হোৱাকৈ এংগাৰ মেনেজমেণ্টৰ কাউন্সিলিং চেণ্টাৰ সমূহ গঢ় লৈ উঠিছে।ইয়াৰ উপৰিও যোগ,ধ্যান আদিয়ে মানসিক ভাৱে সুস্থিৰ কৰি তোলে। প্ৰিয় পাঠক, সমসাময়িক সময়ৰ লগত প্ৰাসংগিক আৰু চিন্তনীয় বিষয় আজি সন্নিবিষ্ট কৰা হ’ল। পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব। আমাৰ ই মেইল nefocus5@gmail.com

[contact-form][contact-field label=”Name” type=”name” required=”true” /][contact-field label=”Email” type=”email” required=”true” /][contact-field label=”Website” type=”url” /][contact-field label=”Message” type=”textarea” /][/contact-form]

Comments (0)
Add Comment