প্ৰেম দিৱসৰ বিশেষ- প্ৰেমৰ ইটো সিটো কথাৰে

দুহাততে দিছা মোক ফুল 
ভাষা নাই মোৰ অ’ লগৰে
জীৱনত দিছা শুভাশীষ
পাহি মেলি যেন ফুলিবলৈ..
গানটোৰ কথাখিনিয়ে ক’ৰবাত নহয় ক’ৰবাত প্ৰেমৰেই জয় গান গাইছে। প্ৰেমাস্পদৰ শুভাশীষেৰে জীৱন সজাই তুলি নতুনৰ বাট বুলিছে। আজি প্ৰেমৰ দিন। সেয়েহে আজি ক’ব বিচাৰিছো প্ৰেম-ভালপোৱাৰ কিছু অনুভৱৰ বিষয়ে…। প্রিয় পাঠক, আপুনি ভাৱেনে যে প্ৰেমৰ বাবে এটা বিশেষ দিনৰ প্ৰয়োজন আছে ? প্ৰেমৰ কিছু সীমাবদ্ধতা আছে! আচলতে ক’বলৈ গ’লে প্ৰেম প্ৰেমেই। প্ৰেমে কোনো বয়সৰ সীমা নামানে। এই কথা অপ্ৰিয় হ’লেও যুক্তিসংগত যে প্ৰতিজন সুন্দৰতা প্ৰেমী ব্যক্তিয়ে প্ৰেমৰ বাবে বিশেষ দিন থাকিব যে লাগে, সেই কথা স্বীকাৰ নকৰে। কথাষাৰ nefocus.com য়ে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে। কাৰণতো বিচাৰ কৰি চাও উত্তৰত এটা কথাই দৃষ্টিগোচৰ হ’ব যে সেইসকল ব্যক্তিৰ বাবে প্ৰতিটো দিনেই প্ৰেমৰ দিন। প্ৰেমৰ বাবেই পৃথিৱীখন ইমান সুন্দৰ। প্ৰেমৰ মাজতেই অন্তৰ্নিহিত হৈ আছে সৃষ্টিৰ মূল আকৰ।
যিবোৰ মুহূৰ্ত্ব হয়তো অনুভৱ কৰাজনেহে বুজি পাব, তাৰ বিশালতা, গভীৰতা কিমান। গতিশীল সময়ে কৈ যায় প্ৰেম চিৰ প্ৰবাহমান। ঠিক বোৱতি নদীৰ দৰে। এই কথা স্বীকাৰ কৰিব লাগিব যে সময়ৰ লগে লগে প্ৰেমৰ সংজ্ঞা সলনি হয়, সলনি হয় মনৰ মানসিকতা। তথাপিও কাৰোবাৰ বাবে প্ৰেম প্ৰেম হৈয়ে ৰয়। একাংশৰ মতে প্ৰেমে বিবাহৰ জৰিয়তে পূৰ্ণতা পায়। কিন্তু সেই প্ৰেমত বোলে কোনো মাদকতা নাথাকে। সেয়েহে হয়তো কয় প্ৰেমৰ শেষ পৰিণতি মানেই বিবাহ নহয়। আজিকালি প্ৰেমৰ নামত যৌনতাৰহে পয়োভৰ দেখিবলৈ পোৱা যায়। হৃদয়ৰ তাগিদাতকৈ  দেহৰ আসক্তিয়ে গুৰুত্ব পায়।পিছে এই সম্পৰ্কবোৰ ক্ষণস্থায়ী হোৱা দেখা যায়। এককথাত ক’বলৈ হ’লে যি প্ৰেম স্বাৰ্থত গঢ় লৈ উঠে। সেই প্ৰেম কেতিয়াও পূজা হ’ব নোৱাৰে। প্ৰেমে কাৰোবাৰ বাবে অনুপ্ৰেৰণাৰ উৎস আৰু আন কাৰোবাৰ বাবে ধ্বংসৰ মূল আহিলা হিচাপে থিয় দিয়ে। ই যিয়েই নহওঁক কিয় প্ৰেম এক স্বৰ্গীয় অনুভূতি। য’ত লুকাই থাকে দুখন সঁচা হৃদয়ৰ কিছু মিঠা আৱেগ অনুভূতি। সকলোকে প্ৰেম দিৱসৰ শুভকামনা জনালো। প্ৰেমৰ ৰঙেই যেন জীপাল হৈ পৰক অনাগত দিনবোৰ  তাৰেই কামনা কৰিলো
Comments (0)
Add Comment