বিশ্বৰ্কমা পূজাৰ কিছু প্ৰাসংগিক কথা

আধুনিক বিশ্বৰ সবাতোকৈ প্রাসংগিক আৰু শ্রেষ্ঠ দেৱতাজনেই হ’ল খনিকৰ বিশ্বকৰ্মা। আজিৰ দিনটোত সকলোৱে আৰাধনা কৰে ব্যতিক্রমী দেৱতা বিশ্বকৰ্মাক। পুৰাণ অনুসৰি বসু বংসৰ অষ্টমজন বংস প্রভাসৰ পুত্রই হ’ল বিশ্বকৰ্মা। দেৱতা বিশ্বৰ্কমাৰ মাতৃ হ’ল বৃহস্পতিৰ ভগ্নী, বিদূষী নাৰী যোগমায়া। হিন্দুৰ আৰাধ্য দেৱ- দেৱী সকলক বিভিন্ন তিথি, নক্ষত্র অনুসৰি উপাসনা কৰা হয় যদিও বিশ্বৰ্কমা পূজাৰ কোনো নিদিষ্ট তিথি নাই। ভাদ মাহৰ শেষ দিনটোতেই আৰাধনা কৰা হয় বিশ্বৰ্কমাক।
প্ৰকৃততে বাৰিষাৰ অন্তত সৃষ্টিৰ সম্ভাৱনা হৈ আগমন ঘটে শৰতৰ। আৰু আহিন মাহ আহিলেই যেন প্রকৃতিৰ ৰূপ, ৰস, গন্ধস্পৰ্শৰ প্রাণ সঞ্চাৰিত হয় মানৱ জাতিৰ। বৰষুণৰ স্পৰ্শত গৰ্ভধাৰণ কৰা বসুমতীৰ বুকুত অংকুৰিত হয় বীজ। কৃষিভূমিত উৎপাদন হয়।
কৰ্মৰ প্রেৰণা, উৎস, খনিকৰ, কাৰিকৰৰ গুৰু বিশ্বৰ্কমাক সেয়েহে সন্তোষ্ট কৰিবলৈ আহিনৰ আগমনৰ লগে লগে পূজা অৰ্চনাৰ কৰা হয়। শাক্ত, বৈষ্ঞৱ, শৈৱ – যি মতবাদৰে নহওক, সকলোৱে উপাসনা কৰে বিশ্বৰ্কমাক।
এক প্ৰবাদ অনুসৰি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শিঙৰী পাহাৰৰ উত্তৰ দিশত বিশ্বখনিকৰ বিশ্বৰ্কমাৰ বাসস্থান আছিল। বিশ্বৰ্কমাই নিজেই সাজি উলিওৱা বিশ্বৰ্কমা থানখন আজিও পুৰাতত্ব বিভাগে সংৰক্ষণ কৰি ৰাখিছে। বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ দিনটো বিশ্বৰ্কমাৰ পূজাৰ প্ৰাসংগিকতা আছে। সেয়েহে নিৰ্দিষ্ট মন্দিৰ নাথাকিলেও ঠাই বিশেষে এটা দিনতে বিশ্বৰ্কমা পূজা অনুষ্ঠিত হয়। শেষত সকলোকে বিশ্বৰ্কমা পূজাৰ শুভেচ্ছা জনালোঁ।
ধ্ৰুৱজ্যোতি নাথ
তেজপুৰ
Comments (0)
Add Comment