ভাৰতক প্ৰশংসা আমেৰিকা যুক্তৰাষ্ট্ৰৰ

বিগত ১৯৫৯চনৰ পৰা তিব্বতীয় ধৰ্মগুৰু দালাই লামাক ভাৰতে আশ্ৰয় প্ৰদান কৰি আছে। শেহতীয়াভাৱে চীন আৰু ভাৰতৰ মাজত চলি থকা সংঘাতৰ ক্ষেত্ৰত ভাৰতক সমৰ্থন কৰিছে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰ আমেৰিকাই। তিব্বতীয় ধৰ্মগুৰু দালাই লামাক আশ্ৰয় দিয়াৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই।
 
 
তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ ৮৫সংখ্যক জন্মদিনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাউচ প্ৰতিনিধি নেনচি পেল’চিয়ে কয় যে চীনে যিধৰণেৰে তেওঁলোকৰ বিস্তাৰবাদ তথা দমনবাদৰ নীতি প্ৰয়োগ কৰি আহিছে তাৰ বিৰূদ্ধে তিব্বতীয় ধৰ্মগুৰুজনাৰ লগতে তিব্বতীয় লোক সকলৰ আদৰ্শ এতিয়া সকলোৰে জনাজাত। বিগত ৬জুলাইত ধৰ্মগুৰু দালাই লামাৰ ৮৫ সংখ্যক জন্মদিনত দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজনৈতিক নেতাৰ লগতে টাইৱানৰ পৰাও শুভেচ্ছা জ্ঞাপন কৰে।
 
 
সমান্তৰালভাৱে টাইৱান ভ্ৰমণৰ বাবেও আহ্বান জনায়। স্মৰ্তব্য যে চীনৰ আগ্ৰাসনৰ পিছৰ পৰা তিব্বতীয় ধৰ্মগুৰু জনাই তিব্বতৰ পৰা বহু সংখ্যক লোকৰ সৈতে পলাই আহি ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছিল।

Comments (0)
Add Comment