মঙলপৃষ্ঠত চীনৰ সফল অভিযান

মহাকাশ অভিযানত চীনৰ ঐতিহাসিক কীৰ্তি।শনিবাৰে নিশা মঙলপৃষ্ঠত অৱতৰণ কৰিলে বেইজিঙৰ মঙলযান টিৱানৱেন -১ৰ ৰোভাৰ। ৰঙা গ্ৰহত প্ৰথম অভিযানতেই বৃহৎ সাফল্য ৰঙা চীনৰ। পূৰ্বৰ নিৰ্ধাৰিত ইউটোপিয়া প্লেনিচিয়া অঞ্চলতেই অৱতৰণ ৰোভাৰৰ। চীনৰ মহাকাশ সংস্থা China National Space Administration (CNSA) য়ে অৱতৰণৰ সেউজ সংকেত দিছে। কমেও ৯০ দিন মঙল গ্ৰহত বিচৰণ কৰিব জুৰঙে। এই সময়ছোৱাত ই সংগ্ৰহ কৰিব বিভিন্ন নমুনা। মঙলপৃষ্ঠৰ গঠন পৰ্যবেক্ষণ কৰিব,বৰফৰ সন্ধান কৰিব। এতিয়ালৈকে হোৱা মঙল অভিযানৰ সমূহৰ ভিতৰত এই অভিযান শ্ৰেষ্ঠ বুলি দাবী কৰিছে চীনে। প্ৰথম অভিযানতেই ৰোভাৰক নমাই কাৰ্যত আমেৰিকা আৰু ৰাছিয়াক প্ৰত্যাহবান জনালে বেইজিঙে।

Comments (0)
Add Comment