লুইতপৰীয়া হিন্দু সমাবেশ

পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল লুইতপৰীয়া হিন্দু সমাবেশ। আৰ.এছ.এছ উদ্যোগত অনুষ্ঠিত হোৱা সমাবেশখনত প্ৰায় ৭০ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে। খানাপাৰাৰ ফিল্ডত অনুষ্ঠিত হোৱা সমাবেশখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয়মন্ত্ৰী ৰাজেন গোহাঁই, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, মন্ত্ৰী ৰাঞ্জিত দত্ত আৰু পল্লৱ লোচন দাসে অংশ গ্ৰহণ কৰে। সমাবেশৰ আৰম্ভণীতে প্ৰাৰ্থনা, শাৰীৰিক কলা প্ৰদৰ্শন হয়। ইয়াৰ পিছতেই আৰ.এছ.এছ.ৰ লগত জৰিত উমেশ চক্ৰৱৰ্তীয়ে ভাষণ প্ৰদান কৰে। তেখেতে কয় – ব্যক্তি স্বাৰ্থতকৈ ৰাষ্ট্ৰ উৰ্ধত।

আমি মাটি অধিকাৰ হেৰুৱাব নালাগে। বহুতো ব্যক্তিয়ে নিজৰ মাটি ভেটি বিক্ৰী কৰি চহৰ মুখী হয়। এনে প্ৰৱণতাই নিজৰ অধিকাৰৰ প্ৰতি সজাগ হোৱাটো নুসুচায়। ব্যক্তি বিশেষে উদ্যান শস্য, মৎস্য পালন আদিবোৰৰ প্ৰতি আগ্ৰহাম্বিত হ’ব লাগে। আনহাতে এই সমাবেশত চৰ সংঘৰ চালক মোহন ভাগৱতয়ে কয় আৰ.এছ.এছ. জন্ম হৈছিল মধ্যভাৰতত। কিন্তু বৰ্তমানে সকলোতে আৰ.এছ.এছৰ শাখা বিৰাজমান হৈ আছে। এয়া অকল সম্ভৱ হৈছে আৰ.এছ.এছৰ সদস্যসকলৰ নিৰপেক্ষ আত্মীয়তাৰ বাবে। ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে ইয়াৰ পৰিচয় বহন কৰে। অনৈক্যৰ মাজত ঐক্য ।

ই এক অন্যতম বৈশিষ্ট্য। জীৱনত কঠোৰ পৰিশ্ৰম  কৰিলেহে সকলো প্ৰকাৰৰ সুখ লাভৰ সম্ভৱ। আৰ.এছ.এছৰ উদেশ্য হ’ল কল্যাণ সাধন কৰা। উল্লেখযোগ্য যে আজি সমাবেশত ৮০০০ গৰাকী সেৱকে ব্যায়াম প্ৰদৰ্শন কৰে। সমাবেশ খনত বিভিন্ন সত্ৰ মহাসভাৰ সত্ৰাধিকাৰসকল, সন্ত সকল, জাতি জন জাতীয় ৰজাসকলে অংশ গ্ৰহণ কৰে।

Comments (0)
Add Comment