শিক্ষক দিৱসৰ বিশেষ লেখা

যাৰ আঙুলিত ধৰি জীৱনৰ আদিপাঠ শিকিলো,সংকটৰ কালতো নতুন দিশে আগবাঢ়িবলৈ যি সকল গুৰুৱে সাহস,অনুপ্ৰেৰণা যোগালে সেই সকল গুৰুক আজিৰ এই বিশেষ দিনটোত শুভেচ্ছা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো|কোনোৱে কোৱা মনত আছে গুৰুবিহীন জীৱন বোলে বঠাবিহীন নাৱৰ দৰে|আচলতে জন্মৰ পৰাই আমি প্ৰত্যেকজনে একো একোজন গুৰুৰ ছত্তচায়াত ডাঙৰ হও,সপোন দেখো,মানুহ হিচাপে জীয়াবলৈ শিকো|সেয়েহে পিতৃ মাতৃক আদি গুৰু বুলি কোৱা হয়|

আজি শিক্ষক দিৱস|ড০ সৰ্বপল্লী ৰাধাকৃষ্ঞণৰ ৫৬ সংখ্যক জন্ম জয়ন্তী|দাৰ্শনিক,পণ্ডিত,শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ঞণে শিক্ষক সমাজক যথেষ্ট শ্ৰদ্ধা কৰিছিল|তেখেতৰ দূৰদৰ্শিতা গুণে বুজি উঠিছিল যে শিক্ষক সকল সদায়ে পূজনীয়|অথচ বহুসময়ত শিক্ষক সকলে অৱজ্ঞাৰ সন্মুখীন হয়|সেয়ে ৰাষ্ট্ৰপতি হৈ থকা কালত তেখেতৰ জন্মদিনটো শিক্ষক হিচাপে পালন কৰিবলৈ ইচ্ছুক হৈ পৰে আৰু তেতিয়াৰ পৰা তেখেতৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে উদযাপিত হৈ আহিছে|


দাৰ্শনিক ,শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ঞণৰ ভাৰতীয় আধ্যাত্মিক শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল|সেয়ে তেখেতে কৈছিল যে আমি প্ৰকৃত ঈশ্বৰক পূজা নকৰো ,পূজা কৰো সেইসকলক যিসকলে ঈশ্বৰৰ নামত কাম চলায়|দ্বিতীয়তে ৰাধাকৃষ্ঞণে কৈছিল যে শিক্ষক সেইজন নহয় যিজনে কেৱল জ্ঞান দিয়ে,প্ৰকৃত শিক্ষক সেইজনহে যিজনে অনাগত ভৱিষ্যতৰ সংকটৰ সৈতে মোকামিলা কৰিবলৈ আমাক তৈয়াৰ কৰি তোলে|তৃতীয়তে তেখেতে কৈছিল যে সেই স্বাধীনতাক স্বাধীনতা বুলি ক’ব পৰা নাযায়,যেতিয়ালৈকে স্বাধীনতা প্ৰাপ্ত ব্যক্তিজনে স্বাধীনভাৱে মত প্ৰকাশ কৰিবলৈ সুযোগ নাপায়|তেখেতৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰবচন হ’ল প্ৰকৃত শিক্ষক সেইজনহে যিজনে আমাৰ উত্তৰণৰ হকে চিন্তা কৰে,দিশ নিৰ্ণয় কৰে।

আজি যাৰ বলত এই কলমটো ধৰিব পাৰিছো,মানুহ হিচাপে জীয়াব পাৰিছো|সেইসকল গুৰুক সদৌ শেষত প্ৰণিপাত জনাইছো|প্ৰিয় পাঠক,সৰ্বপল্লী ৰাধাকৃষ্ঞণৰ চিন্তা দৰ্শন প্ৰতিফলিত কৰি কিছু প্ৰবচন লেখাৰ জৰিয়তে আগবঢ়ালো|আশা ৰাখিছো ইয়াৰ দ্বাৰা কিছু হলেও উপকৃত হ’ব|

সংগীতা শইকীয়া
সম্পাদক
এন ই ফকাচ ডট কম
ই মেইল nefocus5@gmail.com

Comments (0)
Add Comment