শিৱৰাত্ৰিৰ কিছু বিশেষ কথাৰে

আজি শিৱৰাত্ৰি ।হিন্দু ধৰ্মৰ লোকসকলৰ উপাসক দেৱতা ভগৱান শিৱক আজিৰ দিনটোত বিশেষ ভাৱে পূজা অৰ্চনা কৰা হয়।হিন্দুৰ পুৰাণ অনুসৰি ভগৱান শিৱক জগতৰ সংহাৰ কৰোতা হিচাপে মান্যতা প্ৰদান কৰা হয়।শিৱৰাত্ৰিৰ লগত বহু কেইটা প্ৰচলিত মত জৰিত হৈ আছে ।সেই সমূহৰ ভিতৰত কিছুমান মত হ’ল এনেধৰণৰ -বহুতেই ক’ব খোজে শিৱৰাত্ৰিৰ দিনা হেনো শিৱ পাৰ্বতীৰ বিয়া হৈছিল।আন এক মত অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত ভগৱান শিৱই বিহপ্ৰাণ কৰি সমগ্ৰ সংসাৰ উদ্ধাৰ কৰিছিল আৰু তেতিয়াৰ পৰা শিৱৰ নীলকণ্ঠ নামেৰে জনা গৈছিল । আন এক প্ৰচলিত মত অনুসৰি আদিতে শিৱৰাত্ৰিৰ দিনা শিৱ লিংগত শিৱ প্ৰকট হৈ আছিল ।তেতিয়া বিষ্ঞু আৰু ব্ৰহ্মাই পূজা কৰিছিল।তেতিয়াৰ পৰা এই বিশেষ পূজা অনুষ্ঠিত হয় বুলি জনা যায় ।সাধাৰণতে প্ৰতিবছৰে ফাগুন মাহৰ কৃষ্ঞপক্ষ চতুদৰ্শী তিথিত মহাশিৱৰাত্ৰি উদযাপিত হয়।প্ৰচলিত মত যিয়েই নহওক কিয় আস্থা আৰু বিশ্বাসেৰে ভক্তগণে মনোবাঞ্চা সিদ্ধিৰ বাবে ভগৱান শিৱৰ প্ৰণিপাত জনাই পূজা অৰ্চনা কৰে।ঠায়ে ঠায়ে এই উৎসৱ তিনিদিনীয়াকৈও উদযাপিত হয়।

Comments (0)
Add Comment