সুক্ষ্ম পৰ্যবেক্ষণৰে লক ডাউনৰ বিভিন্ন দিশ সমূহ..

সুক্ষ্ম পৰ্যবেক্ষণৰে লক ডাউনৰ বিভিন্ন দিশ সমূহ..

এতিয়া যেন ক্ৰমশ: নোহোৱা হৈছে যান্ত্ৰিকতাৰ ধামখুমীয়া পৰিবেশ।প্ৰতিযোগিতাৰ দৌৰত হাবাথুৰি খোৱাজন সম্প্ৰতি ঘৰত পৰিয়ালৰ লগত ব্যস্ত হৈ পৰিছে।
 
 
লক ডাউনে বহুতো কথা শিকাই গ’ল।চাফা হ’বলৈ শিকালে, নিজৰ কামবোৰ নিজেই কৰিবলৈ শিকালে।
 
 
কালি  ফেচবুকত এটা  পোষ্ট দেখি ভাল লাগি।পোষ্টটোত পুতেকে বাপেকৰ দাৰি কাটি আছে।লক ডাউনৰ  বাবে চেলুন বন্ধ  হোৱাৰ পৰা সকলোৱে মুঠতে নিজৰ কাম নিজে কৰিছে।
 
লক ডাউনৰ পৰা একাংশ গ্ৰন্থ প্ৰেমী়য়ে গ্ৰন্থৰ স্বাদ ল’বলৈ সক্ষম হৈছে।হোৱাট আপে হোৱাট আপে কিতাপৰ আদান প্ৰদান কৰা দেখা গৈছে ।আন একাংশই নাটক, চিনেমা লিংক চেয়াৰ কৰা দেখা গ’ল।মুঠতে ডিজিটেল মেডিয়াৰ সদব্যৱহাৰ হ’ল।
 
 
পৰিয়ালক সময় দিব নোৱাৰা বহুজনে বৰ্তমানে পৰিয়ালক সময় দিছে।একেলগে টি ভি চাইছে, খোৱা বোৱা কৰিছে।আনহাতে ম’বাইলতে সকলো খবৰ পোৱাৰ সুবাদতে ডিজিটেল মাধ্যমৰ জনপ্ৰিয়তা বাঢ়িছে।

Comments (0)
Add Comment