ধৰ্মীয় প্ৰাংগিকতাৰে-দীপাৱলী

ভাৰতত উদযাপিত উৎসৱ সমূহৰ ভিতৰত দীপাৱলী উৎসৱ বিশেষভাৱে গুৰুত্বপূৰ্ণ ।কিয়নো দীপাৱলী উৎসৱ বিভিন্ন ধৰ্ম,সম্প্ৰদায়ৰ লোকে নিজা নিজা ধৰ্মীয় আচাৰ অনুসৰি পালন কৰি আহিছে।হিন্দু ধৰ্মীয় লোক সকলৰ ধৰ্মীয় বিশ্বাস অনুসৰি ৰাম চন্দ্ৰ বনবাসৰ খাতি অযোধ্যালৈ অহাৰ দিন ধৰি দীপাৱলী উদযাপিত হৈ আহিছে।আনহাতে জৈন সকলৰ বিশ্বাস অনুসৰি মহাবীৰ জৈনে দীপাৱলীৰ দিনা মোক্ষ প্ৰাপ্তি কৰে।ধৰ্মীয় বিচাৰ অথবা মত যিয়ে নহওক কিয় দীপাৱলীত প্ৰত্যেকেই চাকি,বন্তি জ্বলায়,ফুলজাৰি,ফটকা ফুটাই আনন্দ কৰে।সেয়েহে দীপাৱলীক পোহৰৰ উৎসৱ বুলি কোৱা হয়।দীপাৱলী ভাৰতৰ লগতে নেপাল,চিংগাপুৰ,শ্ৰীলংকা,অষ্টেলিয়া,মলোছিয়া আদিতো উদযাপিত হয়।

Comments (0)
Add Comment