অগপ দলৰ উদ্যোগত পশ্চিম গুৱাহাটীত বয়োজেষ্ঠ্য নাগৰিকক সম্বৰ্দ্ধনা -চৰণ চুই আশীৰ্বাদ ললে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই

অগপ দলে আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ কৰিছে বযোজেষ্ঠ্য নাগৰিকক ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা জনোৱা কাৰ্যসূচী । এই কাৰ্যসূচীৰ অংশ হিচাপে অগপ দলৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উদ্যোগত ৰাণী আঞ্চলিক পঞ্চায়ত এলেকাৰ আঠখন গাওঁ পঞ্চায়তত আজি বযোজেষ্ঠ্য নাগৰিকক ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা জনোৱাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰা হয় । ৰাণী গাওঁ পঞ্চায়তৰ অধীনৰ সজ্জনপাৰাত বিনন্দী ৰাভা অাৰু বাহুপাৰাত মাধৱ দৈমাৰীত ঘৰত উপস্থিত হৈ আজি পুৱা বিধায়ক কলিতাই দুয়োজনকে গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰি সমষ্টিত কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে । বিধায়ক কলিতাই দুয়োজনৰে সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰে আৰু অগপ দলৰ ৰাণী আঞ্চলিক কমিটীয়ে দিয়া মানপত্ৰ তেওঁলোকক প্ৰদান কৰে ।আনহাতে কাৰ্যসূচীত বিধায়ক কলিতাৰ সহধৰ্মীনি তথা অৱসৰপ্ৰাপ্ত অধ্যাপিকা অজন্তা চক্ৰব্ৰতী , অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা , পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , কাহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , অগপৰ ৰাণী আঞ্চলিক কমিটিৰ সভাপতি মনোৰঞ্জন দাস বড়ো, সম্পাদকদ্বয় ভদ্ৰেশ্বৰ দৈমাৰী আৰু শংকৰ দাস, কাহিকুছি আঞ্চলিক কমিটিৰ সম্পাদক গৌতম কাকতিকে ধৰি অগপ দলৰ কেবাজনো নেতা- কৰ্মী উপস্থিত আছিল। ইফালে আজি আঠখন গাওঁ পঞ্চায়ত এলেকাত অগপ দলৰ আঞ্চলিক কমিটি সমূহে বিধায়কৰ নিৰ্দেশ ক্ৰমে ঘৰলৈ গৈ ৭০ বছৰ উৰ্ধৰ বযোজেষ্ঠ্য নাগৰিক সকলৰ ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা জনোৱাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে।

Comments (0)
Add Comment