অগ্নিপথৰে খোজ কাঢ়িব ৱাছিমে

অগ্নিপথৰে খোজ কাঢ়িব ৱাছিমে

WhatsApp Image 2017-11-18 at 6.57.11 PM

মানসিক শক্তিৰ সঠিক দিশত বিকাশ ঘটাবলৈ হ’লে যিকোনো কঠিন কামো হেলাৰঙে কৰিব পাৰি, সেয়া আকৌ এবাৰ প্ৰমান কৰিব খান্দাকাৰ ৱাছিমে। মানসিক শক্তি পৰিবৰ্ধক বিশেষজ্ঞ হিচাপে খ্যাত খান্দাকাৰ ৱাছিমে  খোজ কাঢ়িব জ্বলন্ত অঙঠাৰ ওপৰেৰে। অহা ১৯ নবেম্বৰত লখিমপুৰ গ্ৰন্থমেলাৰ বাকৰিত এই দুঃসাহসিক কাৰ্য কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পুৰ্ণ কৰিছে মাইণ্ডপাৱাৰ ৱাছিমে। অলপতে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেলত এই কথা সদৰী কৰি ৱাছিমে কয় যে গ্ৰন্থমেলাত তেওঁ ৩০ ফুট জ্বলন্ত অঙঠাৰ  ওপৰেৰে খোজ কাঢ়িব। অগ্নিপথ নাম দিয়া হৈছে এই কাৰ্যসূচীৰ। বিশেষজ্ঞজনে প্ৰকাশ কৰা অনুসৰি খোজ কঢ়া সময়ত অঙঠাৰ উত্তাপ হ’ব ২০০০ ডিগ্ৰী  চেণ্টিগেড।

WhatsApp Image 2017-11-18 at 6.57.00 PM

এই সন্দৰ্ভত তেওঁ কয়- প্ৰত্যেকজন ব্যক্তিয়ে জীৱনৰ বাটত খোজ কাঢ়িবলগীয়া হয়। এই বাটেৰে আগবাঢ়ি যোৱা সময়ত দুখ সুখ বিষাদ আদি নানা অগ্নিসদৃশ প্ৰত্যাহ্বানৰ  আমি সন্মুখীন হ’বলগীয়া হয়। সেয়ে এই কাৰ্য্যসুচীৰ নাম ৰখা হৈছে অগ্নিপথ। জুইৰ বিষয়ে জ্ঞান, মানৱ দৰ্শন আৰু মানসিক শক্তিৰ জৰিয়তে এই কাৰ্য কৰিবলৈ মই আগবাঢ়িছো। উল্লেখ্য যে ইয়াৰ পূৰ্বে কেইবাবাৰো এনেধৰণৰ দুঃসাহসিক কাম সফলতাৰে সম্পূৰ্ণ কৰিছে ৱাছিমে। ইতিমধ্যে মনৰ শক্তিক কিদৰে বিকাশ কৰিব পাৰি সেই সন্দৰ্ভত বহুসংখ্যক অনুষ্ঠান পৰিৱেশন কৰি সুখ্যাতি লাভ কৰিছে খান্দাকাৰ ৱাছিমে।

Comments (0)
Add Comment