অগৰু খেতিয়কলৈ সুখবৰ

অসমৰ অগৰু খেতিয়কৰ বাবে সুখবৰ ।অগৰু খেতিয়কে উচিত মূল্য পাব।ছিংগাপুৰৰ পৰা ক্ৰেতা আহি অসমৰ খেতিয়কৰ পৰা অগৰু ক্ৰয় কৰিব।এই মন্তব্য আছিয়ান ইণ্ডিয়া বিজনেজ কাউন্সিলৰ হাবিব মহম্মদ চৌধুৰীৰ ।কালি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰে।সোণোৱাল চৰকাৰে ২২জুলাইত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে জানিব দি কয় যে গোলাঘাট জিলাত অগৰু আন্তঃজাৰ্তিক বাণিজ্য কেন্দ্ৰ স্থাপন হ’ব ।যাৰ জৰিয়তে যোৰহাট, শিৱসাগৰ, গোলাঘাটৰ কৃষক সকল লাভান্বিত হ’ব।গছৰ গঠনৰ ওপৰত ভিত্তি কৰি কৃষকে মূল্য পাব বুলি সংবাদ মেলত জানিবলৈ দিয়ে।উল্লেখযোগ্য যে ৩৫বিঘা ভূমিত ঘৰুুুৱা ভাৱে এই খেতি কৰিব পাৰিব ।

Comments (0)
Add Comment