অধ্যক্ষা মীনাক্ষী গোস্বামীলৈ ৰাষ্ট্ৰীয় শিক্ষকৰ বঁটা

২੦২২ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা ঘোষণা হয়।শোণিতপুৰৰ চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মীনাক্ষী গোস্বামীলৈ এই বঁটা আগবঢ়োৱা হয়।

উল্লেখ্য যে মীনাক্ষী গােস্বামী শোণিতপুৰ জিলাৰ বিহাগুৰিত অৱস্থিত চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা। চলিত বছৰত এই বঁটাৰ বাবে নিৰ্বাচিত ৪৬ গৰাকী শিক্ষকৰ ভিতৰত অসমৰ পৰা একমাত্ৰ শিক্ষয়িত্ৰী মীনাক্ষী গোস্বামী।
অহা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে নতুন দিল্লীত ভাৰতৰ নৱনিযুক্ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব এই বঁটা।

Comments (0)
Add Comment