অনিয়ন্ত্ৰিত গতিবেগ , জৰিমনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা ; আজি কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা কমিটিৰ জৰুৰী সভা

ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে বিগত কিছুমান ধৰি ৰাষ্ট্ৰীয় ঘাইপথত অনিয়ন্ত্ৰিত গতিবেগত বাহন চলোৱা চালক গৰাকীৰ বিৰুদ্ধে চলোৱা অভিযান আৰু জৰিমনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বিভাগক এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে দিয়া নিৰ্দেশনাৰ আধাৰত ২০ আগষ্টত কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা কমিটিৰ ( ডি আৰ এছ চি ) এখন জৰুৰী সভা আহ্বান কৰা হৈছে । এই সন্দৰ্ভত ডি এছ আৰ চিৰ সদস্য সচিব আৰু জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞা ) গৌতম দাসে জানিবলৈ দিয়া মতে ডি এছ আৰ চিৰ অধ্যক্ষ আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত দিনৰ ১১ বজাৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হবলগীয়া সভাখনত মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ উপৰিও ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ , এন আই ডি চি এল , লোকনির্মাণ পথ বিভাগ , মহানগৰ আৰক্ষীৰ যানবাহন শাখা , স্বাস্থ্যকে ধৰি পথ সুৰক্ষাৰ লগত জড়িত বিভিন্ন চৰকাৰী – বেচৰকাৰী বিভাগ , সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকিব।

Comments (0)
Add Comment