অন্ধবিশ্বাস ৰোধ কৰাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰিছে এগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে

অন্ধবিশ্বাস ডাইনী কাণ্ড আৰু দলবব্ধ আক্ৰমণ কিয় হয় জানি বুজি প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিব লাগিব।আমি জানিব লাগিব যে এই কুসংস্কাৰৰ পৰা আমি কিদৰে মুক্তি লাভ কৰিব পাৰিম।সমাজত নেতৃত্বত প্ৰদান কৰা লোক সকলে এই বিষয়ে আগভাগ ল’ব লাগিব।এই মন্তব্য মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াৰ।যোৱা ১০ নৱেম্বৰত অনুষ্ঠিত হোৱা এক সভাত দিব্যজ্যোতি শইকীয়াই এই মন্তব্য প্ৰদান কৰে।
 
 
১০ নৱেম্বৰত সভাত উপস্থিত থাকি জিলাখনৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে কয় যে মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে যি কথা অৱগত কৰিছে সকলো কথা বিশ্লেষণ কৰি সামাজিক নেতা সকলে নিজৰ গাঁৱত গৈ হাতে কামে লাগি কাম কৰক।তেতিয়াহে নিশ্চিতভাৱে এনেবোৰ ঘটনা ৰোধ হ’ব।লগতে কয় যে মহিলা সকলে নিজৰ সন্তান সৰুৰে পৰা অন্ধবিশ্বাস পৰা মুক্ত কৰাৰ বাবে শিক্ষা দিব লাগিব । অনুষ্ঠানৰ লগত সংগতি ৰাখি সামাজিক সংগঠন Brothers ৰ কৰ্মী সকলে এখন বাটৰ নাট প্ৰদৰ্শন কৰে।

Comments (0)
Add Comment