১৭ বছৰীয়া দীঘলীয়া আন্দোলনৰ অন্ত পৰিল।স্বাক্ষৰিত হ’ল তৃতীয়খন বড়ো শান্তি চুক্তি।আজি দিল্লীত কেন্দ্রীয় চৰকাৰ,ৰাজ্য চৰকাৰ আৰু বড়ো সংগঠনৰ মাজত সম্পাদিত হ’ল ত্ৰিপাক্ষিক বড়োলেণ্ড শান্তি চুক্তিখন।গৃহমন্ত্ৰী অমৃত শ্বাহৰ লগতে এই চুক্তিত স্বাক্ষৰ কৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল,বিত্ত তথা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,বিটিচি’ৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে বড়ো সংগঠনৰ মুৰব্বীসকলে।বড়ো শান্তি চুক্তি সম্পৰ্কে গৃহমন্ত্ৰী অমৃত শ্বাহৰ মন্তব্য,এই চুক্তিয়ে দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰিব।স্বাধীকাৰৰ হকে বড়োসকলে যুঁজ দি অৱশেষত শান্তি চুক্তি স্বাক্ষৰিত কৰিবলৈ সক্ষম হ’ল।কি আছে এই শান্তি চুক্তিত!জানো আহক!
১.এতিয়াৰে পৰা বিটিএডি’ক বিটিআৰ অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰি’জন হিচাপে জনা যাব।
২.তিনি বছৰৰ ভিতৰত বিটিচিলৈ ১৫০০ কোটি টকাৰ বিশেষ পেকেজ।
৩.কেন্দ্ৰীয় চৰকাৰৰ অধীনত মনিটৰিং কমিটী গঠন।কমিটীয়ে কৰিব সকলো নীতি নিৰ্ধাৰণ।
৪.বড়োসকলৰ সামাজিক,সাংস্কৃতিক আৰু ভাষা সুৰক্ষা কৰা হ’ব।
৫.সংবিধান সংশোধন কৰি প্ৰদান কৰা হ’ব অধীক বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতা।
৬.এনডিএফবি কেডাৰক সংস্থাপনৰ বাবে বিশেষ ব্যৱস্থা।
৭.জনজাতিৰ ভূমিৰ অধিকাৰ অক্ষুন্ন ৰখাৰ ব্যৱস্থা।
৮.বিটিএডি’ৰ বাবে নতুন ডিআইজি পদৰ ঘোষণা।
৯.সংবিধানৰ ১২৫ নং অনুচ্ছেদৰ সংশোধন কৰি বড়োলেণ্ডলৈ এই সুবিধা প্ৰদান।
১০.বড়োভূমিৰ ক্ষেত্র সম্প্ৰসাৰণকলৈও চিন্তা চৰ্চা কৰা হ’ব।
১১.বিটিচি’ৰ আসন ৬০ খনলৈ বৃদ্ধি।
১২.বড়ো সংখ্যাগৰিষ্ঠ নোহোৱা গাঁও বিটিএডি’ৰ পৰা কৰ্তন কৰা হ’ব।
১৩.বড়ো আন্দোলনত নিহত পৰিয়াললৈ ৫ লাখ টকাকৈ সাহাৰ্য্য।
১৪.উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে হ’ব নতুন কেন্দ্রীয় বিশ্ববিদ্যালয়।
১৫.অসমত বড়ো সহযোগী চৰকাৰী ভাষা হ’ব।
১৬.বিটিআৰ’ত হ’ব নতুন ক্ৰীড়া বিশ্ববিদ্যালয়।
১৭.তামুলপুৰত কেন্সাৰ হস্পিতাল আৰু মেডিকেল কলেজ স্থাপন।
১৮.বিটিআৰ’ত স্থাপন হ’ব ৰে’ল ডবা নিৰ্মাণ কাৰখানা।
খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে।
অপেক্ষাৰ অন্ত পৰিল, বড়ো শান্তি চুক্তি স্বাক্ষৰিত
