অবিশ্বাস্য অকল্পনীয় যেন লাগিলেও সত্য-এগৰাকী মহিলাই মহাকাশত কটালে ৩২৮ দিন

মাৰ্কিন মহিলা মহাকাশচাৰীৰ অভিলেখ।৪১ বৰ্ষীয় ক্ৰিষ্টিনা কোছে সৰ্বাধিক সময় মহাকাশত থাকি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত ক্ৰিষ্টিনা কোছে ৩২৮ দিন অতিবাহিত কৰি বৃহস্পতিবাৰে পৃথিৱীলৈ ঘূৰি আহে।ইয়াৰ পূৰ্বে মহাকাশত ২৮৮ দিন থাকি অভিলেখ গঢ়িছিল মহিলা মহাকাশচাৰী পেগী ৱিটছনে।কিন্তু সতীৰ্থ পেগী ৱিটছনৰ অভিলেখ ভঙ্গ কৰি মহাকাশত সৰ্বাধিক ৩২৮ দিন কটাই বিশ্ব অভিলেখ গঢ়িলে ক্ৰিষ্টিনা কোছে।ক্ৰিষ্টিনা কোছৰ এই অভিযানৰ সংগী আছিল ইটালীৰ মহাকাশচাৰী লুকা পৰমিটান’ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেক্সেন্দাৰ স্পটচফ।এই সফলতাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অভিনন্দন জনাই টুইটাৰযোগে লিখিছে ক্ৰিষ্টিনা আমেৰিকাৰ গৌৰৱ।ক্ৰিষ্টিনাৰ এই অভিলেখে মহিলা সকলক যথেষ্ট অনুপ্ৰেৰণা যোগাব।উল্লেখযোগ্য যে ২০১৩ চনত নাছাৰ মহাকাশচাৰী হিচাপে অন্তর্ভুক্ত হোৱা উত্তৰ কেলিফ’ৰ্ণিয়াৰ ক্রিষ্টিনা কোছে দীঘলীয়া মহাকাশ বিমানযাত্ৰাত মহিলাৰ শৰীৰ কেনেদৰে মহাকাশীয় বিকিৰণৰ দ্বাৰা প্ৰভাৱিত হয়,এই ধৰণৰ গৱেষণাৰ বাবে মহাকাশত দীৰ্ঘ সময় থাকে।মহাকাশ কেন্দ্রত থকাৰ সময়ত কোছে অভিলেখ সংখ্যক সময়ৰ বাবে মহাকাশত খোজো কাঢ়ে।নাছাৰ প্ৰাক্তন বিজ্ঞানী লোৰি গাৰ্ভাৰে কয় মহাকাশ ভ্ৰমণৰ বাবে মহিলাও পুৰুষৰ সমানে সক্ষম।ক্ৰিষ্টিনাৰ দীঘলীয়া অভিযানে সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে আৰু ভৱিষ্যতে আমি মহাকাশলৈ মহিলা মহাকাশচাৰী পঠাম।
খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..

Comments (0)
Add Comment