অম্বুবাচী আৰু ইতিবাচক খবৰ

অম্বুবাচী আৰু ইতিবাচক খবৰ

IMG-20170622-WA0032

আজিৰ পৰা আৰম্ভ হ’ল অম্বুবাচী। কামাখ্যাৰ মূল দুৱাৰ আজি ১ বাজি ১৫ মিনিট ৪৫ চেকেণ্ডত বন্ধ কৰা হয় তিনি দিনৰ বাবে। উল্লেখ্য যে কামাখ্যা মন্দিৰৰ পুজা তান্ত্ৰিক পদ্ধতিৰে পৰম্পৰাগত ভাবে চলি আহিছে। আজি আপোনালোকক জনাবলৈ বিচাৰিছো কামাখ্যা মন্দিৰৰ বিষয়ে কিছু জানিব লগীয়া কথা। আজি কামাখ্যা মন্দিৰত উপস্থিত থাকি সংগ্ৰহ কৰিছিলো কিছু খবৰ। তাৰেই কিছু ইতিবাচক খবৰ আপোনালৈ আগবঢ়ালো।

প্ৰথমতে জনাব বিচাৰিছো কামাখ্যা পুজাৰ বিষয়ে। এই পুজা অতি প্ৰাচীন। মাত্ৰ ৪ টা পৰিয়াল ক্ৰমে ডেকা, বুঢ়া, হোতা, বিধি পাঠকে বংশানুক্ৰমে গোপনীয়তা ৰক্ষা কৰি এই পুজাৰ পৰম্পৰা চলাই আহিছে। কোনো কিতাপত এতিয়ালৈ কামাখ্যা পুজাৰ বিধি সন্নিবিষ্ট কৰা নাই।

এইবাৰ ধামৰ চৌহদত দেখা গ’ল Eco Friendly ডাচবিনৰ ব্যৱস্থা। বিশেষকৈ নিচা জাতীয় দ্ৰব্য ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা জিলা প্ৰশাসনে গ্ৰহণ কৰা দেখা গ’ল।

IMG-20170622-WA0033

ধামৰ সমীপত থকা স্বাস্থ্য কেন্দ্ৰ গৈ জানিব পাৰিলো, বিভিন্ন ৰাজ্যৰ পৰা অহা দুখীয়া ৰোগী সকলে স্বাস্থ্য সেৱাৰ বাবে কিছু সকাহ অনুভৱ কৰিছে। এই মন্তব্য চিকিৎসক  ডা০পি চি নাথৰ।

IMG-20170622-WA0034

অম্বুবাচী উপলক্ষ্যে কামাখ্যা ধামৰ থিতাপি লৈছে পশ্চিমবংগৰ ১২১ বছৰীয়া শিবানন্দ বাবাই। উল্লেখযোগ্য যে ফল, গাখীৰ নোখোৱাকৈ সম্পূৰ্ণ সুস্থ জীৱন যাপন কৰিছে এইজন বাবাই। সেয়েহে এই বাবাজনক দৰ্শনাৰ্থে অসংখ্য ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে।

আজি দিনটোতে আৰম্ভ হৈছে শিল্পী অপুৰাজ বৰুৱা আৰু প্ৰদীপ নাথে কামাখ্যা বুৰঞ্জী আৰু বৰ্ত্তমানৰ সময়ৰ ওপৰত প্ৰস্তুত কৰা চিত্ৰ। উল্লেখযোগ্য যে অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনত অসমৰ বিভিন্ন প্ৰান্তৰ ২০ জন শিল্পীৰ এই চিত্ৰকৰ্মত অংশগ্ৰহণ কৰিছে। আশা কৰা হৈছে চিত্ৰকেইখনৰ দৈৰ্ঘ্য ২৫০ মিটাৰ হ’ব।

এয়া আছিল আজি দিটো কামাখ্যা ধামৰ কিছু ইতিবাচক খবৰ। এনে ধৰণৰ খবৰৰ বাবে লগইন কৰিবলৈ নাপাহৰিব www.nefocus.com

Comments (3)
Add Comment
  • Natyabir

    ইতিবাচক খবৰকেইটা সুন্দৰ হৈছে

  • Sangeetasaikia

    Dhonyabad

  • Natyabir

    NICE PRESENTAYION OF IMPORTANT EVENT FOR THOSR WHO BELIEVE IN TANTRIC CULT ETC.