ভাৰতৰ ইতিহাসত আজি দিনটো বিশেষ দিন হিচাপে চিহ্নিত হৈ ৰ’ব। কিয়নো অযোধ্যাৰ বিবাদমান ৰাম মন্দিৰে এক গতি লাভ কৰিব।
ধৰ্মীয় ৰীতি নীতিৰে ইতিমধ্যে ভূমি পূজনৰ কাম কাজ আৰম্ভ হৈছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধান মন্ত্ৰীয়ে ভূমিপূজনত অংশগ্ৰহণ কৰিছে। পৰম্পৰাগত ধুতি,কূৰ্টা পৰিধান কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে হেলিকপ্তাৰ যোগে অযোধ্যাত উপস্থিত হৈছে। তেওঁৰ লগত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। জানিব পৰা মতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৪০ কিলোগ্ৰাম এটা ৰূপালী ইটাৰে শিলান্যাস গাঠিব।
ইতিপূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীয়ে হনুমান মন্দিৰ, ৰাম লালা দৰ্শন, আৰু পাৰিজাত বীজ ৰোপন কৰিছে । আৰু ইয়াৰ পিছতে শ্ৰী ৰাম জন্ম ভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট সদস্য সকলৰ সৈতে বৈঠকত মিলিত হ’ব ।
অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
