অসমত দালাই লামা আৰু নমামী ব্ৰহ্মপুত্ৰ

অসমত দালাই লামা আৰু নমামী ব্ৰহ্মপুত্ৰ

DSC_0101

মহানগৰীৰ অনুষ্ঠিত হোৱা নমামী ব্ৰহ্মপুত্ৰ মহোৎসৱৰ আজি তৃতীয় দিনৰ দিনা ধৰ্মীয় গুৰু দালাই লামাৰ আগমন হ’ল। ধৰ্মীয় পৰম্পৰাৰে ব্ৰহ্মপুত্ৰক প্ৰণাম জনাই এক অন্তৰংগ আলাপত অংশগ্ৰহণ কৰে। মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা অনুষ্ঠানটো দি গ’ল বহুকেইটা শান্তি বাণী। তাৰেই কিছু ইতিবাচক খবৰ আপোনালৈ আগবঢ়ালো। আহকচোন জানো তেখেতে কি ক’লে।

DSC_0104

ব্ৰহ্মপুত্ৰ উৎপত্তিৰ স্থল তিৰ্ব্বত । সেইসুত্ৰে ব্ৰহ্মপুত্ৰৰ লগত থকা সম্পৰ্ক অতি পুৰণি। আমি যি ধৰ্মই গ্ৰহণ নকৰো কিয় সেই ধৰ্মটো অতি শ্ৰদ্ধাৰে পালন কৰিব লাগে। কোনোবাই যদি আপোনাক শত্ৰুৰ জ্ঞান কৰে, তেওঁক বন্ধুৰ জ্ঞান কৰি ব্যৱহাৰ কৰিব লাগে। প্ৰেমেৰে জগত জিনিব পাৰি। সত্যৰ পথত থাকি সফলতা মুখ দেখাৰ সম্ভৱ। সত্য খুবেই উজ্বল। সত্যই সবলী আৰু  দুৰ্বলী জনক সমপৰ্য্যায়ৰ কৰি তোলে। বিশেষকৈ আমাৰ মনটোক নেতিবাচক চিন্তা, আৱেগ আদিৰ পৰা আতৰাই ৰাখিব লাগে তেনেহ’লেহে সুন্দৰ জীৱন যাপন কৰিব পৰা যায়।

DSC_0032

আজি এই বিশেষ দিনটোত দালাই লামা লগত সাক্ষাৎ হ’ল ৫৮ বছৰৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থাৰে ভাৰতত প্ৰবেশ কৰোতে সহায় কৰা এজন সৈনিকক। নৰেন দাস নামৰ বীৰ জোৱানক দালাই লামাই লগ পাই কিছু আৱেগিক হৈ পৰা পৰিলক্ষিত হ’ল।

এনে কিছু মনোৰম খবৰৰ বাবে লগ অন কৰিবলৈ নাপাহৰিব www.nefocus.com

DSC_0067

Comments (1)
Add Comment
  • Natyabir

    Keep it up. All are nice write up.